ধুবুৰীত যোগী সন্মিলনীৰ প্ৰতীক অনশন কাৰ্যসূচীৰে প্ৰতিবাদ

ধুবুৰীত যোগী সন্মিলনীৰ প্ৰতীক অনশন কাৰ্যসূচীৰে প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ,ধুবুৰী: শুকুৰবাৰে খিলঞ্জীয়া জনগোষ্ঠী নাথ-যোগী সকলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত নাথ যোগী স্বায়ত্ব শাসিত পৰিষদ(উপগ্ৰহীয়) গঠন আৰু নাথ যোগী সকলৰ সংৰক্ষিত শ্ৰেণীৰ অধিসূচনাক আইনলৈ ৰূপান্তৰ কৰাৰ দাবীত আজি ধুবুৰীত অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উদ্যোগত আৰু ধুবুৰী জিলা যোগী সন্মিলনী আহ্বায়ক কমিটী, মহিলা সন্মিলনী, নাথ যোগী ছাত্ৰ সন্থা আৰু পুৰোহিত সন্মিলনীৰ সহযোগত আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আনহাতে অসমৰ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত নাথ যোগী ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত নাথ-যোগী প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ ধুবুৰী জিলা যোগী সন্মিলনীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

ধুবুৰীত যোগী সন্মিলনীৰ প্ৰতীক অনশন কাৰ্যসূচীৰে প্ৰতিবাদ
ৰঙাপৰাৰ চুৰীয়া বিলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in