ধুবুৰীত চাঞ্চল্য: টকাৰ বেগ কাঢ়ি লৈ উধাও দুৰ্বৃত্ত

ধুবুৰীত চাঞ্চল্য: টকাৰ বেগ কাঢ়ি লৈ উধাও দুৰ্বৃত্ত

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী চহৰৰ এন এছ ৰোডস্থিত বৰো মছজিদ চৌহদত মঙলবাৰে এগৰাকী শিক্ষকৰ পৰা দুৰ্বৃত্তই ৫০হাজাৰ টকা কাঢ়ি লৈ যোৱা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি বিয়লি ফকিৰগঞ্জৰ বাউশকাটা প্ৰজাবন্ধু হাইস্কুলৰ প্ৰধান শিক্ষক দেৱান অমিৰুল হুছেইন আহমেদে ধুবুৰীৰ ষ্টেট বেংকৰ প্ৰধান শাখাৰ পৰা ৫০হাজাৰ টকা উঠাই লৈ তাৰ পৰা খোজকাঢ়ি আহি ধুবুৰীৰ এন এছ ৰোড স্থিত বৰো মছজিদত নামাজ পঢ়াৰ বাবে সোমাইছিল।

সেই সময়তে পূৰ্বৰে পৰা অনুসৰণ কৰি থকা দুৰ্বৃত্তই পিছফালৰ পৰা শিক্ষক গৰাকীৰ বেগ সহ ৫০ হেজাৰ টকা কাঢ়ি লৈ পলায়ন কৰে। শিক্ষকগৰাকীৰ বেগত নগদ ৫০ হাজাৰ টকাৰ লগতে ষ্টেট বেংকৰ পাছবুক, চেকবুক, এপেক্স বেংকৰ দুটা পাছ বুকৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি দুৰ্বৃত্তই কাঢ়ি লৈ পলায়ন কৰে।

ঘটনা সন্দৰ্ভত লগে লগে ধুবুৰী সদৰ থানত এখন এজাহৰ দাখিল কৰে প্ৰধান শিক্ষক দেৱান অমিৰুল হুছেইন আহমেদে। বাতৰি লিখা পৰৰলৈকে আৰক্ষীয়ে দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে।

dhubri