পূজাত ধুবুৰীৰ ৰাজপথত উদণ্ড বাইক চালকৰ বিৰুদ্ধে চলিব অভিযানঃ আৰক্ষী অধীক্ষক

পূজাত ধুবুৰীৰ ৰাজপথত উদণ্ড বাইক চালকৰ বিৰুদ্ধে চলিব অভিযানঃ আৰক্ষী অধীক্ষক

author-image
Asomiya Pratidin
New Update
পূজাত ধুবুৰীৰ ৰাজপথত উদণ্ড বাইক চালকৰ বিৰুদ্ধে চলিব অভিযানঃ আৰক্ষী অধীক্ষক

ডিজিটেল সংবাদ,ধুবুৰীঃ বুধবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবিন সিঙে তেওঁৰ কাৰ্যালয় কক্ষত দুৰ্গা পূজাক লৈ এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত জিলা আৰক্ষী অধীক্ষক নবিন সিঙে কয় যে, শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে সমগ্ৰ ধুবুৰী জিলাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ততো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

লগতে তেওঁ কয় যে, জিলাখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকাত বিএছএফ আৰু আৰক্ষীয়ে যৌথভাৱে পহৰা দিব। তদুপৰি দুৰ্গা পূজাৰ সময়ত দুস্কৃতিকাৰীয়ে যাতে জিলা খনত কোনো কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে জিলাখনৰ ভাৰত- বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষী প্ৰশাসনে।

এইবেলি ধুবুৰী জিলাত সৰ্বমুঠ ৪২৯খন দুৰ্গাপূজা অনুষ্ঠিত হ'ব।প্ৰতিখন পূজা মণ্ডপত আৰক্ষীৰ লোক ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে প্ৰতিখন বিসৰ্জন ঘাটত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেলৰ জৰিয়তে জানিব দিয়ে।

লগতে বিসৰ্জন ঘাট সমূহত SDRF, বিএছএফক নিয়োগ কৰাৰ লগতে চিআৰপিএফ আৰু অতিৰিক্ত আৰক্ষী বাহিনী ধুবুৰী জিলা লৈ অনা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰোপৰি আৰক্ষী অধীক্ষক নবিন সিঙে কয় যে,ৰাজপথত উদণ্ড বাইক চালকৰ বিৰুদ্ধে চলিব অভিযান।

Also Read: ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়...

dhubri SP dhubri SP press meet