ধুবুৰীত ধন দাবী কৰি গ্ৰেপ্তাৰ কাকতৰ সম্পাদক...

ধুবুৰীত ধন দাবী কৰি গ্ৰেপ্তাৰ কাকতৰ সম্পাদক...

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ধন দাবী কৰি গ্ৰেপ্তাৰ কাকতৰ সম্পাদক...

ধুবুৰীত ধন দাবী কৰি গ্ৰেপ্তাৰ কাকতৰ সম্পাদক...

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ এগৰাকী বিশিষ্ট চিত্ৰ শিল্পীক মানসিক হাৰাশাস্তিৰ লগতে ভয়, ভাবুকিৰে ব্লে'কমেইলিং কৰাৰ অভিযোগত এজন সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে। ধুবুৰীৰ পৰা প্ৰকাশিত 'দুৰ্নীতিৰ দৰ্পন' নামৰ এখন কাকতৰ সম্পাদক ছায়েদ আলী খানক আজি আৰক্ষীয়ে এই গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চিত্ৰ শিল্পীগৰাকীক হাৰাশাস্তি কৰি অহাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষীয়ে সুপৰিকল্পনাৰে ছায়েদ আলী খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আজি চিত্ৰশিল্পীগৰাকীৰ পৰা দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ধৃত ছায়েদ আলী খানৰ ঘৰ ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত। ইয়াৰ পূৰ্বেও দীর্ঘদিনে বিভিন্ন ব্যক্তিক বিভিন্ন প্ৰকাৰে ব্লে'কমেইলিং কৰাৰ অভিযোগ আছিল এইজন ব্যক্তিৰ বিৰুদ্ধে। তাৰোপৰি ইয়াৰ পূৰ্বে এগৰাকী বিবাহিত মহিলাৰ সৈতেও অনৈতিক কামত লিপ্ত থকাৰ ফটো ভাইৰেল হৈ পৰিছিল।

এনে এজন বিতৰ্কিত ব্যক্তিক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বিষয়টোক লৈ সৰৱ চৰ্চা চলিছে। তাৰোপৰি আৰক্ষী সূত্ৰে জানিব পৰা মতে ধন দাবীৰ সৈতে জড়িত থকাৰ অভিযোগ আৰু কেইবাজনো প'ৰ্টেলৰ সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে এই গোচৰত অভিযান অব্যাহত ৰাখিছে।

Also Read: আক্ৰমণাত্মক নৰেন্দ্ৰ মোডীঃ কংগ্ৰেছক ভুৱা প্ৰতিশ্ৰুদি দিয়া দল আখ্যা...

অপৰাধ ধন দাবী সম্পাদক