ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জালিকুৰা গাঁৱত চম্পাৱতী নৈ'ৰ গৰাখহনীয়াত জাহ গৈছে শ শ বিঘা ভূমি। বিনিদ্ৰ ৰজনী কটাইছে জালিকুৰাবাসীয়ে।
আনপিনে গাঁৱখনত মথাউৰি ভঙাৰে উপক্ৰম হৈছে। ফলত তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে নৈপৰীয়া ৰাইজৰ। বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক বিধায়ক ছামছুল হুদা, সাংসদ মৌলনা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
ছামছুল হুদা মুৰ্দাবাদ,বদৰুদ্দিন আজমল মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। বানপানী-গৰাখহনীয়াত আতংকিত ভোটাৰ ৰাইজ আনফালে সুখ নিদ্ৰাত এ আই ইউ ডি এফৰ বিধায়ক-সাংসদ।
মুষলধাৰ বৰষুণ আৰু নৈ-উপনৈৰ তীব্ৰ সোঁতে গৰাখহনীয়াৰ লগতে প্লাৱিত কৰিছে বিভন্ন অঞ্চল। পিছপৰি থকা নাই চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ জালীকুৰা। বিগত বছৰৰ দৰে এইবছৰো কালৰূপ ধাৰণ কৰিছে চম্পৱতী নৈয়ে।
চম্পৱতী নৈৰ সোঁতত চপৰা-চপৰে খহি গৈছে মাটি। পূৰ্বতে পুৰণি জালিকুৰা গাঁৱখন সম্পূৰ্ণৰূপে চম্পৱতী নৈত জাহ যোৱাৰ পিছত এইবাৰ নিউ জালীকুৰাৰ শ শ ভূমি পানীত জাহ গৈ আছে।
বিনিদ্ৰ ৰজনী, ভয় আৰু শংকাত দিন অতিবাহিত কৰিছে অঞ্চলবাসীয়ে । বিধায়ক ছামচুল হুদাই বিধায়ক উন্নয়ন পুঁজিৰে যোৱা বছৰ দুটা বান্ধ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সময়ৰসোঁতত প্ৰতিশ্ৰুতিয়ো উটি গ'ল বুলি আক্ষেপ সচেতন ৰাইজৰ।
ইপিনে ১৫ বছৰে সাংসদৰ আসনত অধিষ্ঠিত সাংসদ বদৰুদ্দিন আজমলে আজিলৈকে জালীকুৰাবাসীৰ জ্বলন্ত সমস্যাৰ পিনে পিঠি দি থকাৰ অভিযোগ উঠিছে। বিধায়ক আৰু সাংসদৰ অ-দূৰদৰ্শিতাৰ বাবেই নিজৰ সপোনৰ ঘৰখন থানবান হোৱাৰ উপক্ৰম হৈছে।
ফলত অঞ্চলবাসী ৰাইজে সাংসদ বদৰুদ্দিন আজমল মুৰ্দাবাদ, বিধায়ক ছামচুল হুদা মুৰ্দাবাদ আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে গৰাখহনীয়াৰ পৰা বৃহত্তৰ অঞ্চলবাসীক ৰক্ষা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনায়।
Also Read: নামৰূপত যান-বাহন তালাচীৰ নামত আৰক্ষীৰ দুৰ্ব্যৱহাৰ