তিনিদিনীয়া ভ্ৰমণ সূচীৰে পত্নীসহ নামনিত ৰাজ্যপাল গুলাব চান্দ কাটৰীয়া...

তিনিদিনীয়া ভ্ৰমণ সূচীৰে নামনি অসমত ৰাজ্যপাল গুলাব চান্দ কাটৰীয়া

author-image
Asomiya Pratidin
New Update
তিনিদিনীয়া ভ্ৰমণ সূচীৰে পত্নীসহ নামনিত ৰাজ্যপাল গুলাব চান্দ কাটৰীয়া...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰু ধুবুৰীৰ তিনিদিনীয়া ভ্ৰমণ সূচী লৈ সোমবাৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু তেওঁৰ সহধৰ্মিনী অনিতা কাটাৰীয়া কোকৰাঝাৰত উপস্থিত হয়। গুৱাহাটীৰ পৰা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে ৰাজ্যপাল আৰু তেওঁৰ সহধৰ্মিনী কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত বিটিচি প্ৰধান প্ৰমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, জিলা প্ৰশাসনে দুয়োকে আদৰণি জনায়।

ৰে'ল ষ্টেচনৰ পৰা পোনে পোনে আৱৰ্ত ভৱনত উপস্থিত হয় ৰাজ্যপাল আৰু তেওঁৰ সহধৰ্মিনী। আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ মুৰব্বী, নিৰাপত্তা বাহিনীৰ উচ্চপদস্থ বিষয়াবৰ্গৰে বৈঠকত মিলিত হোৱাৰ পিছত ৰাজ্যপালগৰাকীয়ে বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিত উপস্থিত হয় আৰু চিআইটিৰ শিক্ষক ছাত্ৰ-ছাত্ৰীৰসতে বাৰ্তালাপত মিলিত হয় । চিআইটিৰ পিছতে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতাল পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে।

ইপিনে বিয়লি ৫:০০ বজাৰ পৰা বিটিচি সচিবালয়ত ৰাজ্যপালে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, বিটিচিৰ মুখ্য সচিব, বিভাগীয় মুৰব্বীৰসতে বৈঠকত মিলিত হয়। তদুপৰি ৰাজ্যপালে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত হিতাধিকাৰী আৰু দল -সংগঠনৰ প্ৰতিনিধিৰসতে বৈঠকত মিলিত হৈ আঁচনিসমূহৰ ৰূপায়ন আৰু অগ্ৰগতিৰ ক্ষতিয়ান লয়। ইয়াৰ পিছতেই এক সংবাদমেলত ৰাজ্যপাল গুলাব চান্দ কাটৰীয়াই কয় যে- আঁচনিসমূহ ৰূপায়ন কৰোঁতে জনতাৰ সন্তুষ্টিৰ ওপৰত গুৰুত্ব দিব লাগে।

আনহাতে চিআইটিক চাৰ্টিফিকেট কৰ্চ খোলাৰ বাবে পৰামৰ্শ দিয়ে ৰাজ্যপালে।বড়োলেণ্ড বিশ্ববিদ্যালয় সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত ৰাজ্যপালে কয় যে- মত প্ৰকাশ কৰাৰ স্বাধীনতা সকলোৰে আছে। তদন্তত দোষী সাবস্ত্য হ'লেহে শাস্তি পাব। তদন্ত চলি আছে আৰু ৰিপৰ্ট অহাৰ পাছতহে এই বিষয়ে ক'ব পৰা যাব। সংবাদমেলত ৰাজ্যপালৰ লগতে বিটিচিপ্ৰধান প্ৰমোদ বড়ো উপস্থিত আছিল।

উল্লেখ্য যে, সোমবাৰৰ নিশা কোকৰাঝাৰৰ আৱৰ্ত ভৱনতে কটাই মঙলবাৰে ধুবুৰী জিলালৈ সত্নীক ৰাওনা হ'ব ৰাজ্যপালগৰাকী। বগৰীবাৰীৰ ঐতিহাসিক মহামায়া মন্দিৰ দৰ্শন কৰিব আৰু অহা ২৩ আগষ্টত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঐতিহাসিক ৰামৰাইকুট্টী সত্ৰ সপত্নীক পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

Also Read: সফল হোৱাৰ দিশে চন্দ্ৰযান-৩ঃ লেণ্ডাৰ বিক্ৰমেৰে সংযোগ স্থাপন চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ

gulab chand katariya