অস্তিত্বৰ সংকটত ঐতিহাসিক ঝগৰাৰ বিল...

অস্তিত্বৰ সংকটত ঐতিহাসিক ঝগৰাৰ বিল...
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ ঝগৰাৰপাৰত থকা অতি প্ৰাচীন ঝগৰাৰ বিললৈ নামি আহিছে সংকট। জিলা প্ৰশাসনৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই আজি ধুবুৰী চহৰ খনৰ অতি গুৰুত্বপূৰ্ণ ঝগৰাৰ বিলখনৰ অস্তিত্বই বিপদাপন্ন হৈ পৰা দেখা গৈছে। উল্লেখযোগ্য যে, ধুবুৰী চহৰৰ পাৰ্শৱৰ্তী ঝগৰাৰ বিলত শুকুৰবাৰে ধুবুৰী জিলা মীন বিষয়া ইব্ৰাহিম আলীৰ নেতৃত্বত ধুবুৰী মীন বিভাগৰ এটি দলে বিলৰ মাছ আৰু পানীৰ পৰীক্ষা কৰে।

মীন বিভাগৰ দলটোৱে ঝগৰাৰ বিলৰ পানীৰ পৰীক্ষা কৰাত এক ভয়াবহ তথ্য পোহৰলৈ আহিছে। জিলা মীন বিষয়া ইব্ৰাহিম আলীয়ে সদৰি কৰা মতে ঝগৰাৰ বিলৰ পানীত মাছৰ উপযোগী হোৱাকৈ দ্ৰৱীভূত অক্সিজেন বহু কম পোৱা গৈছে। ইয়াৰ পৰিণতিত বিলখনত থকা বিভিন্ন থলুৱা মাছৰ লগতে সৰ্প জাতীয় মাছৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে। লগতে বিলৰ পানীত এম'নিয়াৰ পৰিমাণো বহু বেছি থকা বুলি জানিবলৈ দিয়ে।

জিলা মীন বিষয়াগৰাকীয়ে কোৱা মতে যিকোনো বিলৰ পানীত এম'নিয়াৰ পৰিমাণ .২ পি পি এম(পাল্ছ পাৰ মিলিয়ন)ৰ পৰা শূন্য লৈ থাকিব লাগে কিন্তু ঝগৰাৰ বিলত এম'নিয়াম ৰ পৰিমাণ .৫ পি পি এম্ লৈকে পোৱা গৈছে যিটো খুবেই উদ্বেগজনক বুলি তেঁও ব্যক্ত কৰে। ইতিমধ্যে বিলখনত ৩০শতাংশ মাছৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মনকৰিবলগীয়া যে ধুবুৰীৰ ঝগৰাৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝগৰাৰ বিলখনৰ আঁন্তগাথনিৰ উন্নয়ন ক্ষেত্ৰত জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰামতে ঝগৰাৰ বিলত ধুবুৰী চহৰৰ নলা নৰ্দমাৰ পানীৰ সমান্তৰালভাৱে লেতেৰা আৱৰ্জনা আদি পেলাই বিলখন দূষিত কৰি তুলিছে। এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনৰ লগতে ঝগৰাৰপাৰ গাঁও পঞ্চায়তে উদাসীন হৈ থকাৰ বিষয়টোৱে সচেতন মহলক স্তম্ভিত কৰি তুলিছে।

অস্তিত্বৰ সংকটত ঐতিহাসিক ঝগৰাৰ বিল...
ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in