ধুবুৰীত পত্নীয়ে অপহৰণ কৰিলে স্বামীকঃ মুক্তিপন দাবী ১ লাখ ৬০ হেজাৰ টকা...

মহিলা সহ পাঁচজন অপহৰণ কাৰীক আটক ধুবুৰী আৰক্ষীৰ
ধুবুৰীত পত্নীয়ে অপহৰণ কৰিলে স্বামীকঃ মুক্তিপন দাবী ১ লাখ ৬০ হেজাৰ টকা...
ধুবুৰীত পত্নীয়ে অপহৰণ কৰিলে স্বামীকঃ মুক্তিপন দাবী ১ লাখ ৬০ হেজাৰ টকা...
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীত এইবাৰ পত্নীয়ে তেঁওৰ স্বামীক অপহৰণ কৰি মুক্তিপন দাবী কৰি আজি ধুবুৰী আৰক্ষীৰ হাতত আটক হোৱা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৰণকাৰী পত্নীৰ সৈতে আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে আৰু চাৰিজন কৈ লোকক।

বৰ্তমানে অপহৰণৰ লগত জড়িত মহিলাসহ মুঠ পাঁচজন কৈ লোকক আৰক্ষীয়ে ধুবুৰী সদৰ থানাত সোধাপোছা আব্যাহত ৰাখিছে। উল্লেখ যোগ্য যে বৃহস্পতিবাৰে ধুবুৰীৰ ঝগৰাৰপাৰৰ পৰা আজিজুৰ ৰহমান নামৰ যুৱক এজনক অপহৰণ কৰি ধুবুৰীৰ নিউঘাটৰ এটা বাসগৃহত আৱদ্ধ কৰি ৰাখি পৰিয়ালৰ লোকক ফোন কৰি মুক্তিপণ হিচাপে ১ লাখ ৬০ হাজাৰ টকা দাবী কৰিছিল।

অপহৰণকাৰীৰ দলটোৱে মুক্তিপন হিচাপে আজিজুৰৰ পৰিয়ালৰ পৰা মোবাইল যোগে প্ৰথমে ১ লাখ টকা দাবী কৰিছিল। কিন্তু সময় মতে মুক্তিপন হিচাপে দাবী কৰা ১ লাখ টকা দিব নোৱাৰাত, পিছত অপহৰণ কাৰীৰ দলটোৱে মুক্তিপনৰ ধনৰ পৰিমাণ এক লাখৰ পৰা টকা এক লাখ ৬০ হাজাৰ টকা লৈ বঢ়াই দিয়ে আৰু শীঘ্ৰেই সেই টকা দিবলৈ দাবী কৰে।

ইপিনে আজিজুৰ ৰহমানৰ পৰিয়ালৰ লোকে অপহৰণকাৰীয়ে দাবী কৰা ১ লাখ ৬০ হেজাৰ টকা যোগাৰ কৰিব নোৱাৰি বৃহস্পতিবাৰেই ধুবুৰী আৰক্ষীৰ কাষ চাপে আৰু ঘটনাৰ সবিশেষ আৰক্ষীৰ আগত ব্যক্ত কৰে। সেইমতে আজি ধুবুৰী আৰক্ষীয়ে এক অভিযান চলাই মুক্তিপন দাবী কৰা আজিজুৰ ৰহমানৰ পত্নীসহ ৫ জন লোকক ধুবুৰী নিউঘাটৰ পৰা আটক কৰি ধুবুৰী আৰক্ষী থানালৈ লৈ আনি সোধাপোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে আজি আৰক্ষীৰ হাতত আটক হোৱা যুৱতী গৰাকী প্ৰায় ৬ মাহ পূৰ্বে আজিজুৰ ৰহমানৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। ইপিনে আজিজুৰৰ পত্নীয়ে তেঁওৰ ভীনিয়েকৰ লগত মিলি আজিজুৰ ৰহমানৰ পৰা ১ লাখ ৬০ হাজাৰ টকা মুক্তিপন দাবী কৰি এতিয়া আৰক্ষীৰ জালত পৰা ঘটনাই বিষয়টোৱে ধুবুৰীত বেছ চৰ্চা লাভ কৰিছে।

অৱশ্যে অপহৰণকাৰী পাঁচজনীয়া দলটোৱে আজিজুৰ ৰহমানক কিয় অপহৰণ কৰি মুক্তিপন বিচাৰিব লগা হ'ল সেই বিষয়ে এতিয়া লৈকে একো জানিব পৰা হোৱি নাই যদিও আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে অপহৰণকাৰীৰ দলটোৱে বৃহস্পতিবাৰে পুৱাৰ ভাগত অপহৰণ কৰা আজিজুৰ ৰহমানৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝালেৰআলগা গাঁৱত আৰু তেঁও দক্ষিণ শালমাৰাৰ এলেকাৰ পৰা অপহৰণকাৰী ৰূপ ধাৰণ কৰা পত্নীক বিয়া কৰাইছিল বুলি পৰিয়ালৰ সূত্ৰত জানিব পৰা গৈছে।

ধুবুৰীত পত্নীয়ে অপহৰণ কৰিলে স্বামীকঃ মুক্তিপন দাবী ১ লাখ ৬০ হেজাৰ টকা...
দিচৈ ভেলীৰ ইক'ছেনছিটিভ জ'নত চলিব তৈল খনন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in