ধুবুৰীত ৰাইজে আটক কৰে এটা গভাইত চোৰ...

ধুবুৰীত ৰাইজে আটক কৰে এটা গভাইত চোৰ...
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী চহৰত চোৰৰ টিঘিলঘিলনিয়ে দিনক দিনে বৃদ্ধি পোৱাৰ পিচতো এক প্ৰকাৰ নীৰৱ হৈ আছে আৰক্ষী প্ৰশাসন। সোমবাৰে চহৰখনৰ মাজমজিয়াতে এটা গভাইত চোৰে চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ মতে চহৰ খনৰ কেবাটাও চুৰি কাণ্ডৰ লগত জড়িত থকা ধুবুৰীৰ আই জি ৰোডৰ ছুমন সেখ নামৰ চোৰটোৱে চহৰখনৰ হৰি সভা এলেকাত চুৰি কৰিবলৈ লওঁতেই স্থানীয় ৰাইজে চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক খবৰ কৰি দিয়ে। উল্লেখ যোগ্য যে যোৱা ৩ আগষ্টতো ধুবুৰী চহৰৰ মাজমজিয়াৰ পৰা চোৰে এজন শিক্ষকৰ পৰা ৫০ হাজাৰ টকা কাঢ়ি লৈ উধাও হৈছিল।

ধুবুৰীত ৰাইজে আটক কৰে এটা গভাইত চোৰ...
মৰিগাঁৱত পথ দুৰ্ঘটনা: নিহত এটি ডেৰ বছৰীয়া শিশু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in