ডিজিটেল সংবাদ, ধুবুৰী: ৰাইজৰ দলৰ ধুবুৰী জিলাৰ নৱ-নিযুক্ত সভাপতি হিচাপে নিযুক্তি লাভ কৰে জামাল হক। গুৱাহাটীত ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে নিযুক্ত পত্ৰ প্ৰদান কৰে জামাল হকক। নিযুক্ত পত্ৰ লৈ নৱ-নিযুক্ত সভাপতিগৰাকীক ধুবুৰী জিলাৰ চাপৰত উপস্থিত হোৱাত ৰাইজৰ দলৰ নেতা কৰ্মীসকলে উষ্ম আদৰণি জনায় ।
ফুলাম গামোচাৰে কেইবা শতাধিক লোকে বিভিন্ন শ্লোগানেৰে আদৰণি জনায় সভাপতি গৰাকীক। চাপৰৰ বহলপুৰৰ পৰা বিলাসীপাৰা বাঙালীপাৰাৰ নিজ বাসভৱন লৈ বিশাল বাইক ৰেলীৰে নেতাগৰাকীক আগবঢ়াই লৈ যায়। অখিল গগৈ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, জামাল হক জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ উঠে চাপৰৰ বহলপুৰ।
নৱ-নিযুক্ত সভাপতি গৰাকীয়ে সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত কয় যে ৰাইজৰ দলে যি আস্থা আৰু বিশ্বাস ৰাখি সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিছে তাক নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ যত্নপৰ চেষ্টা কৰাৰ অংগীকাৰবন্ধ হয়। আনপিনে ২০২৬ চনত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত বিজেপি'ক প্ৰতিহিত কৰিবলৈ অখিল গগৈৰ হাতত শক্তিশালী কৰিবলৈ আহ্বান জনায়। বিজেপি'ক প্ৰতিহত কৰিবলৈ ইণ্ডিয়া গোঠবন্ধনে ২৬ৰ বিধানসভাত ঐক্যবদ্ধভাবে যুঁজ আগবঢ়াব বুলি উল্লেখ কৰে।