ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫সংখ্যক জন্মোৎসৱটি বৰ্ণাঢ্য আৰু বিস্তৃত ৰূপত মহাপুৰুষগৰাকীৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্ৰত উদযাপন কৰা হয়। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰ সমিতিৰ স্থানীয় তদাৰক সমিতিৰ উদ্যোগত উৎযাপন কৰা গুৰু জয়ন্তী উপলক্ষ্যে ৰাতিপুৱা ৯বজাত মধুপুৰ সত্ৰৰ সমগ্ৰ এলেকাত ভাগৱৎ শোভাযাত্ৰাৰে দিনটোৰ কাৰ্যসূচীৰ পাতনি মেলা হয়।
মধুপুৰ সত্ৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ অনবৈদ্য সৃষ্টিৰ বৰগীত, নাম-প্ৰসংগ আৰু ভাগৱৎ পাঠৰ অমিয়া সুৰেৰে উত্তৰ বংগৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।
আনহাতে দিনটোৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত নাগাৰা নাম আৰু আইসকলৰ নাম পৰিৱেশনেৰে মহাপুৰুষজনাক স্মৰণ কৰা হয়। ইয়াৰ লগতে উত্তৰবংগৰ জলপাইগুৰি, দিনহাতা, জলপেশ, হৰিপুৰ আদি সত্ৰৰ ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জ্ঞান-গৰিমা আৰু কৰ্মৰাজিৰ সম্পৰ্কে এক বিশ্লেষণাত্মক আলোচনাত মিলিত হয়।
বংগৰ বিভিন্ন অঞ্চলৰ কেইবাগৰাকী বংগ ভাষী যুৱক-যুৱতীয়ে সত্ৰীয়া নৃত্য আৰু বৰগীত পৰিৱেশন কৰি সত্ৰ চৌহদ আলোড়িত কৰি তোলে। ইফালে আবিৰ্ভাৱ তিথি উপলক্ষে আয়োজন কৰা আলোচনা চক্ৰখনিত কেইটাও বিষয় সন্দৰ্ভত আলোকপাত কৰা হয়।
আলোচনা চক্ৰখনিত উল্লেখ কৰে যে,যিটো সময়ত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি মহাপুৰুষগৰাকীৰ গৃহ ৰাজ্য অসমত এচাম লোকে অনিহা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে,তেনে সময়ত বংগৰ লোকসকলে দেখুওৱা সদিচ্ছা নিশ্চয়কৈ প্ৰশংসনীয়। অসমৰ একাংশই পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাৱমান হৈছে। কিন্তু আজি এনে সময়তে বংগৰ বিভিন্ন অঞ্চলৰ লোক তথা শংকৰদেৱৰ আদৰ্শত বিশ্বাসী ভক্তপ্ৰাণ ৰাইজে সত্ৰীয়া সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ বাবে এনেধৰণৰ প্ৰচেষ্টা চলোৱা কাৰ্যই এক নিদৰ্শন দাঙি ধৰিছে।
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে গঢ়িব খোজা বৰ অসমৰ লগতে এখন শ্ৰেণীহীন সমাজৰ পৰিকল্পনাক ৱাস্তবৰূপ দিয়াৰ ক্ষেত্ৰত এক উল্লেখনীয় আৰু প্ৰশংসনীয় বিষয় হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰে। জন্ম জয়ন্তীৰ কাৰ্য্যসূচীত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত, স্থানীয় তদাৰক সমিতিৰ সম্পাদক ড০ কেশৱ দাসৰ লগতেই কোচবিহাৰ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট সত্ৰীয়া গৱেষক উপস্থিত থাকে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।
Also Read: কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ