ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ দেবীতোলা উন্নয়ন খণ্ডৰ অধীনস্থ বৰাইবাৰী গাওঁ পঞ্চায়তৰ সচিব আউলিয়া ইয়াচমিন আৰু সভানেত্ৰী জামিৰন নেছাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশ হিতাধিকাৰীয়ে অভিযোগ কৰা মতে, বৰাইবাৰী গাওঁ পঞ্চায়তৰ সচিব আউলিয়া ইয়াচমিন আৰু সভানেত্ৰী জামিৰন নেছাক টকা নিদিলে ৰাইজে লাভ নকৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ।
পঞ্চায়তখনৰ প্ৰায় ৩ শতাধিক হিতাধিকাৰীৰ পৰা তিনি হাজাৰৰ পৰা পাঁচ হাজাৰ কৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰীসকলে। অভিযোগ অনুসৰি দেৱীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ নামতো লাখ লাখ টকা সংগ্ৰহ কৰিছিল পঞ্চায়তখনৰ সচিব আৰু সভানেত্ৰীগৰাকীয়ে।
তাৰ পিছতো ঘৰ লাভ নকৰিলে প্ৰায় ৩০০ হিতাধিকাৰীয়ে। তদুপৰি জিঅ'টেগ কৰাৰ বাবদ গাওঁ পঞ্চায়চ সমন্বয়ক(জিপিচি) আৰু গ্ৰাম ৰোজগাৰ সহায়কে (জিআৰএছ) ৫০০ ৰ পৰা ১৫০০ শ টকা লৈকে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে।
অভিযোগ মতে মহিলা হিতাধিকাৰীকাৰীৰ পৰাও ধন সংগ্ৰহ কৰিছে সচিব আৰু সভানেত্ৰীগৰাকীয়ে।বৰাইবাৰী গাঁও পঞ্চায়তৰ ভুক্তভোগী হিতাধিকাৰী ৰাইজে পঞ্চায়তখনৰ সচিব আউলিয়া ইয়াচমিন আৰু সভানেত্ৰী জামিৰন নেছাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।
Also Read: ধুবুৰীত CRPF ৰ ৪৮ নং বেটেলিয়নৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী...