ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী ভোলানাথ মহাবিদ্যালয় ভাষা-সাহিত্য চ'ৰা অসমীয়া বিভাগৰ উদ্যোগত ধুবুৰী জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ এখনি সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ আনোৱাৰ হুছেইনৰ সভাপতিত্বত কৰ্ণধাৰ সমিতিৰ সভাখন অনুষ্ঠিত হয়।
সভাখনৰ আৰম্ভণিতে ধুবুৰী ভোলানাথ মহাবিদ্যালয় ভাষা-সাহিত্য চ'ৰাৰ সভাপতি ড° অলকা শৰ্মাৰ পৰিচালনাত এক আদৰণী জনোৱাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। অতিথিবৃন্দক ফুলাম গামোচা আৰু গ্ৰন্থৰে আদৰণী জনাই মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীবৃন্দই।
আদৰণী ভাষণ প্ৰদান কৰে ভাষা -সাহিত্য চ'ৰাৰ সভাপতি ড° অলকা শৰ্মাই। আদৰণী পৰ্বত ছাত্ৰ -ছাত্ৰীসকলৰ উদ্দ্যেশ্যে উপদেশমূলক বক্তব্য প্ৰদান কৰে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ, সাহিত্যিক তৰণী কান্ত ৰায়ে।
আদৰণী পৰ্বৰ শ'লাগ জ্ঞাপন কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা দেৱশ্ৰী ৰায়ে। আজিৰ কৰ্ণধাৰ সমিতিৰ সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, পশ্চিম অসমৰ ভাষা -সাহিত্য সংস্কৃতিৰ আহ্বায়ক দীপক সৰকাৰ, কেন্দ্ৰীয় সদস্য তথা জিলাৰ বিষয়ববীয়া মোছলেম উদ্দিন আহমেদ,আইন উপদেষ্টা ছহিদুৰ ৰহমান, জিলাৰ সম্পাদক বিনয় কুমাৰ নাথ আদিয়ে অংশগ্ৰহণ কৰে।
এইখন কৰ্ণধাৰ সমিতিৰ সভাত জিলা সাহিত্য সভাৰ আগন্তক কাৰ্যনিৰ্বাহকৰ বিষয়ে, জিলা সাহিত্য সভাৰ নিৰ্বাচন, সভাৰ সাংগঠনিক কামকাজ, কাছাৰীহাট শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া কাৰ্যনিৰ্বাহক সভা, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ প্ৰসংগত অনুষ্ঠিত কৰিবলগীয়া অনুষ্ঠান আদিৰ বিষয়ে পু্ংখানুপুংখ ৰূপে আলোচনা কৰা হয়। জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে।
Also Read: এক গগৈৰ ফাউলত লাগিল “তিনি গগৈ”ৰ সমীকৰণত আউল