তমাৰহাটত দুখীয়া কৃষকৰ কলৰ বাগান ধ্বংস কৰিলে দুৰ্বৃত্তই : আৰক্ষী চকীত এজাহাৰ দাখিল

তমাৰহাটত দুখীয়া কৃষকৰ কলৰ বাগান ধ্বংস কৰিলে দুৰ্বৃত্তই : আৰক্ষী চকীত এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
তমাৰহাটত দুখীয়া কৃষকৰ কলৰ বাগান ধ্বংস কৰিলে দুৰ্বৃত্তই : আৰক্ষী চকীত এজাহাৰ দাখিল

ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰী জিলাৰ অন্তৰ্গত পাগলাহাট আৰক্ষী নিৰীক্ষণ কেন্দ্ৰৰ তমাৰহাটত সংঘটিত হৈছে অমানৱীয় ঘটনা। জানিব পৰা মতে অঞ্চলটোৰ এটা দুখীয়া পৰিয়ালৰ কলগছৰ খেতি কাটি ধ্বংস কৰে এদল দুৰ্বৃত্তই।

আৰ্থিকভাৱে পিছপৰা আনচাৰ আলী নামৰ লোকজনে একে গাঁৱৰে মহিলা এগৰাকীৰ পৰা দুই বিঘা মাটি চাৰি বছৰৰ বাবে ভাড়াত লৈছিল। উক্ত মাটিখনিত আনচাৰ আলীয়ে কলখেতিৰে স্বাৱলম্বী হোৱাৰ আশাৰে দিন - ৰাতি পৰিশ্ৰম কৰি খেতি কৰিছিল।

বহুদিন কৃষকজনে কষ্ট কৰি পালন পালন কৰা কলগছসমূহ এতিয়া ফচল দিয়াৰ সময় হৈছে। কিন্তু হঠাৎ এটি দুৰ্বৃত্তৰ দলে হাতে হাতে চোকা অস্ত্ৰলৈ কল বাগানত প্ৰৱেশ কৰি সম্পূৰ্ণ গছখিনি কাটি পেলায়। লগতে যিবোৰ কলগছৰ কলৰ থোক ওলাইছে সেইখিনি কাটি নাওত উঠাই লৈ যায়।

কল বাগানখনৰে যি ধন উপাৰ্জন হৈছিল সেই টকাৰে দুখীয়া কৃষকগৰাকীয়ে সংসাৰ পোহ পাল দিয়াৰ লগতে যাবতীয় খৰচ কৰে। ভুক্তভোগী কৃষকজনে উপায়হীন হৈ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে। এইক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ।

Also Read: ভালুকী নৱদ্বীপ ক্ষেত্ৰত নাট কৰ্মশালা আৰম্ভ : যোগেশ শৰ্মা স্মাৰক বক্তৃতাত উজলি উঠিল যাত্ৰা দলৰ ইতিহাস

Banana Garden