ডিজিটেল সংবাদ,ধুবুৰী: জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত জিলা আয়ুক্ত দিবাকৰ নাথৰ লগতে ধুবুৰী,গৌৰীপুৰ,গোলকগঞ্জ,আগমনি, আটআনি, বিলাসীপাৰাকে ধৰি কেইবাখনো ৰাজহ চক্ৰ এলেকাৰ চক্ৰ বিষয়া উপস্থিত থাকে।
বিষয়া সকলে মিছন বসুন্ধৰা ২.০ ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা কৰা, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব প্ৰদান, বন্দোৱস্তি নোহোৱা পূৰ্বৰ ভূদান/গ্ৰামদান ভূমিৰ বন্দৱস্তি প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন আদি বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য ৰাখি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰা দেখা যায়।
আজিৰ সজাগতা সভাখনত ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা: দেৱময় সান্নাল, ধুবুৰী-গৌৰীপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ দীপক সাহা, ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল দাস, ৰাজহ চক্ৰ বিভাগৰ লাট মণ্ডল সকল, পৌৰ সভা এলেকাৰ ৱাৰ্ড আয়ুক্ত সকলকে ধৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট লোক সকল উপস্থিত থাকে।
Also Read: তানজিল হুছেইনৰ মনোনয়ন পত্ৰ দাখিল