ধুবুৰীত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিষয়ববীয়াৰে সাংসদ ৰকিবুলৰ গুৰুত্বপূৰ্ণ বৈঠক

ধুবুৰীত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিষয়ববীয়াৰে সাংসদ ৰকিবুলৰ গুৰুত্বপূৰ্ণ বৈঠক

author-image
Asomiya Pratidin
New Update
ধুবুৰীত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিষয়ববীয়াৰে সাংসদ ৰকিবুলৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ,ধুবুৰী: শুকুৰবাৰে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত এখনি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখনিত সাংসদ ৰকিবুল হুছেইনে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিষয়-ববীয়াসকলৰে কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা কৰে।

বৈঠকত সাংসদ হুছেইনে উত্তৰ-পূৱ সীমান্ত ৰেলৱেক উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনায়। অসম তথা উত্তৰ-পূৱৰ ৰাইজক উৎকৃষ্ট মাণদণ্ডৰ ৰেল সেৱা প্ৰদানৰ বাবেই সাংসদ ৰকিবুল হুছেইনে বৈঠকত উত্তৰ-পূৱ ৰেলৱেৰ বিষয়-ববীয়া সকলক উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনায়।

ইপিনে সাংসদ ৰকিবুল হুছেইনে সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাতকাৰত কয় যে, উত্তৰ-পূৱ ৰেলত প্ৰায় ৮ হেজাৰ পদ খালী হৈ আছে আৰু খালী পদসমূহত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবেও তেঁও দাবী জনোৱা বুলি কয়।

লগতে ধুবুৰীৰ পৰা নতুন ৰেল চলাচলৰ আৰম্ভ কৰাৰ লগতে বিলাসীপাৰা ৰেল ষ্টেচনতো ৰে'লৰ ষ্টপেজ দিয়াৰ দাবী জনায়। আনহাতে ৰেল পথৰ তলেদি পাৰাপাৰ কৰিবলৈ নিৰ্মান কৰি দিয়া পথত এজাক বৰষুণ দিলেই একাঁঠু পৰ্যন্ত পানি হয়। ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ বিষয়াৰে কমিটী এখন বনাই চাৰ্ভে কৰাৰ দাবী জনাই সাংসদ ৰকিবুল হুছেইনে।

Also Read: টিহুৰ জাতীয় বিদ্যালয়ত ডঃ জ্যোতিষ ভাগৱতীক ‘উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা, ২০২৪ খৃষ্টাব্দ’ প্ৰদান

rakibul hussain