ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত চলি থকা দালাল ৰাজৰ বিৰুদ্ধে ওলাই আহিল অধিবক্তা সমাজ। আজি জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয় চৌহদ ঘেৰাও কৰি দালাল ৰাজৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰে অধিবক্তা সমাজে।
কাৰ্যালয়টোত দালালৰাজ বন্ধ কৰাৰ দাবী জনায় ধুবুৰী অধিবক্তা সন্থাই। ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীৰ নেতৃত্বত আজি ধুবুৰী অধিবক্তা সন্থাৰ অধীনৰ অধিবক্তাসকলে ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈ আহি জ্যেষ্ঠ উপ-পঞ্জীয়কগৰাকীক সাক্ষাৎ কৰে।
ধুবুৰী অধিবক্তা সন্থাৰ ফালৰ পৰা জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়টোত দালাল তথা বাহিৰা মানুহৰ অহেতুক সমাগম যাতে নহয় তাৰ প্ৰতি দৃষ্টি দিয়াৰ বাবে জ্যেষ্ঠ উপ-পঞ্জীয়কগৰাকীলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, যোৱা ২৬ ছেপ্টেম্বৰত ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত একাংশ মহৰীয়ে ধুবুৰী আদালতৰ এজন অধিবক্তা আৰু তেওৰ জ্যেষ্ঠ ভগ্নীক প্ৰহাৰ কৰাৰ লগতে অধিবক্তাগৰাকীৰ জ্যেষ্ঠ ভগ্নীক মহৰিৰ দলটোৱে দুৰ্ব্যৱহাৰো কৰিছিল।
এই সন্দৰ্ভত ৰমজান আলী নামৰ মহৰী জনৰ লগতে আৰু ৬ জন লোকৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত স্বাগত চক্ৰৱৰ্তী নামৰ অধিবক্তা জনে এজাহাৰো দাখিল কৰিছিল। ধুবুৰী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু হৈছে যদিও আৰক্ষীয়ে এতিয়া লৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।
Also Read: বতৰ বিজ্ঞান কেন্দ্ৰৰ আগ জাননীঃ ৰাজ্যৰ সৰ্বত্ৰে বৰষুণৰ সম্ভাৱনা...