ধুবুৰীত ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধুবুৰীত ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে তৎপৰ ধুবুৰী আৰক্ষী। পুনৰ আৰক্ষীৰ জালত পৰিল এগৰাকী প্ৰৱঞ্চক। ৯মাহে টকা দুগুণ কৰি দিয়াৰ লোভ দেখুওৱাই লুটি নিলে লাখ লাখ টকা। আৰ এছ জি নামৰ বহিঃৰাজ্যৰ কোম্পানীটোৱে ৰাইজৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফুলকুমাৰী গাঁৱৰ আল হাছ হুছেইন নামৰ প্ৰৱঞ্চক জনে ৯ মাহে পইচা দুগুণ কৰি দিয়াৰ প্ৰলোভন দি ৰাইজৰ পৰা লুটিলে লাখে লাখে টকা।গৌৰীপুৰ থানাৰ আৰক্ষীয়ে মঙলবাৰে নিশা এক অভিযান চলাই নয়াহাটৰ পৰা আটক কৰে প্ৰৱঞ্চক আলহাছ হুছেইন নামৰ প্ৰৱঞ্চকজনক।বৰ্তমানে প্ৰবঞ্চক আলহাছ হুছেইনক থানাতে ৰাখি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ধুবুৰীত ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
লখিমপুৰৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হ'ব ২০২৫বৰ্ষৰ অসম ভিত্তিত ভাওনা সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in