ধুবুৰীত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

ধুবুৰীত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধান আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধবুৰীত প্ৰতিবাদ। শুকুৰবাৰে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে যৌথভাৱে ধুবুৰীত বিক্ষোভ কাৰ্যসূচী পালন কৰি এই তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলে।

প্ৰতিবাদকাৰীসকলে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ধুবুৰী চহৰৰ কেবাটাও বাট-পথেৰে সমদল উলিয়াই হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। সংগঠন দুটাৰ দাবী অনুসৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰ স্থায়ী প্ৰতিৰোধ কৰাৰ লগতে বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা।

যদিহে অনাগত দিনত এই দাবী মানি লোৱা নহয় তেনেহ'লে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

ধুবুৰীত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী
অসমৰ বান-গৰাখনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু স্থায়ী সমাধানৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in