অমৃত কালত এটা ৰাজহুৱা শৌচালয় বিচাৰি ৰাইজৰ হাহাকাৰ...

অমৃত কালত এটা ৰাজহুৱা শৌচালয় বিচাৰি ৰাইজৰ হাহাকাৰ...

author-image
Asomiya Pratidin
New Update
অমৃত কালত এটা ৰাজহুৱা শৌচালয় বিচাৰি ৰাইজৰ হাহাকাৰ...

অমৃত কালত এটা ৰাজহুৱা শৌচালয় বিচাৰি ৰাইজৰ হাহাকাৰ...

ডিজিটেল সংবাদ ধুবুৰীঃ দেশৰ স্বাধীনতাৰ অমৃত কাল চলি থকা সময়ত এটা ৰাজহুৱা শৌচালয় বিচাৰি হাঁহাকাৰ কৰিব লগা হৈছে বিলাসীপাৰাত। য'ত মোডী চৰকাৰে দেশবাসীক মুকলিকৈ মল-মূত্ৰ ত্যাগ কৰাৰ পৰা বিৰতি ৰখাৰ বাবে স্বচ্ছ ভাৰত মিচনৰ শুভাৰম্ভ কৰিছে যদিও বিলাসীপাৰা চহৰখনত এটা ৰাজহুৱা শৌচালয়ৰ বাবে সাধাৰণ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে।

কি বিধায়ক, কি মহকুমা প্ৰশাসন, কি পৌৰসভা, কি উন্নয়ন খণ্ড সকলো পক্ষৰ ভুক্তভোগী ৰাইজৰ দুখ অভাৱ সমস্যাৰ প্ৰতি সামান্যতম গুৰুত্ব নাই। পৰিণতিত বছৰ বছৰ ধৰি জীয়া যন্ত্ৰণা তথা দুৰ্বিসহ দিন কটাবলগীয়া হৈ আহিছে ৰাইজে।

সততে উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰাই অহা বিজেপি চৰকাৰৰ এই অমৃত কালত এনে অবৰ্ণনীয় দুৰ্দশা ভূগি আহিছে বিলাসীপাৰাৰ সাধাৰণ ৰাইজে। পিছে বিলাসীপাৰা পূব আৰু পশ্চিম বিধানসভা সমষ্টিৰ বিধায়কদ্বয়, বিলাসীপাৰা পৌৰসভা, বিলাসীপাৰা মহকুমা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা ৰাইজে প্ৰত্যক্ষ নকৰিলে।

উল্লেখ্য যে, যোৱা বিলাসীপাৰা চহৰখনৰ দৈনিক বজাৰখনৰ ভীতৰত এটা ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰা হৈছিল যদিও বিলাসীপাৰা পৌৰসভাৰ পূৰ্বৰ পৌৰপতিয়ে সেই শৌচালয় বন্ধ কৰি বুজন পৰিমান ধনৰ বিনিময়ত এজন ব্যবসায়ীক হস্তান্তৰ কৰি দোকান ঘৰ নিৰ্মাণ কৰি দিয়ে।

ৰাইজৰ দাবী বিধায়ক ছামছুল হুদা আৰু মহকুমাধিপতি মনুৰঞ্জন পায়েং এইক্ষেত্ৰত যথোচিত গুৰুত্ব প্ৰদান কৰি এখন স্থায়ী ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক। তাৰোপৰি গৌৰাং নৈৰ অব্যাহত ৰখা ভয়াবহ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰাৰো ৰাইজে একমুখে দাবী জনাইছে।

Also Read: ৩ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰা নাহৰফুুটুকীক ট্ৰেংকুলাইজ...

বিলাসীপাৰা