কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ ঘটনা : ধুবুৰী জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদী সমদল

কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ ঘটনা : ধুবুৰী জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদী সমদল

author-image
Asomiya Pratidin
New Update
কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ ঘটনা : ধুবুৰী জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, ধুবুৰী : কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ত সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া ধুবুৰী জিলা বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত ধুবুৰী চহৰত প্ৰতিবাদী সমদল উলিওৱা হয়। হাতে হাতে মমবাতি, প্লে-কাৰ্ড লৈ শ শ মহিলাই ৰাস্তালৈ ওলাই আহি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

পশ্চিমবংগত ৰাষ্টপতি শাসনৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে পশ্চিমবঙ্গত মহিলা সুৰক্ষিত নহয় বুলিও দাবী কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ধুবুৰী জিলা বিজেপিৰ মহিলা মৰ্চাৰ কৰ্ম-কৰ্তাৰ লগতে ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা: দেৱময় সান্নালকে ধৰি জিলা বিজেপিৰ কৰ্ম-কৰ্তা সকলেও অংশ গ্ৰহণ কৰে।

Also Read: ধুবুৰীত চিমেণ্ট ভৰ্তি বাহনত চোৰাং গৰু উদ্ধাৰ : এজনক আটক

bjp kolkata