ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। ধুবুৰীৰ চাপৰত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত অতি কমেও ৪০ গৰাকী যাত্ৰী আহত হৈছে। আহত বহুতৰে অৱস্থা গুৰুতৰ।
জানিব পৰা মতে এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰে। আৰু ইয়াৰ পাছতে পথৰ কাষত বাগৰি পৰে। ফলত বাছখনত থকা প্ৰায় ৪০ গৰাকী যাত্ৰী আহত হৈছে। আহতসকলৰ ভিতৰত শিশুও আছে আৰু আহত বহুতৰে অৱস্থা গুৰুতৰ।
আহত আটাইবোৰ যাত্ৰীকে চাপৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। প্ৰাথমিক চিকিৎসাৰ অন্তত বহু কেইগৰাকী যাত্ৰীৰ অৱস্থা কিছু জটিল হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ এ এছ ২৫ বি চি ১৮৬০। বাছখনৰ এগৰাকী যাত্ৰীয়ে উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্থ বাছখন ধুবুৰীৰ পৰা বৰপেটা অভিমুখে আহি আছিল। তীব্ৰবেগী বাছখনে চাপৰত নিয়ন্ত্ৰণৰ হেৰুৱাই আৰু গছত খুন্দা মাৰে।
আন এগৰাকী যাত্ৰীয়ে কয়, বাছখন বৰষুণ ফালি তীব্ৰবেগেৰে আহি থাকোঁতেই এই দুৰ্ঘটনা সংঘটিত হয়। বাছখনত থকা প্ৰায় ৪০ জন মান মানুহ হৈছে। আহতৰ বহুতৰে অৱস্থা গুৰুতৰ।
এই পৰ্যন্ত কাৰো মৃত্যু হোৱা নাই যদিও আহতসকলৰ অৱস্থালৈ চাই দুই, এজনৰ মৃত্যু হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বুলিও কয় বাছখনৰ এজন যাত্ৰীয়ে।
Also Read: নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬ মাহ ন'হলেই, পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত...