ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতে শুকুৰবাৰে পুৱাই ৰাজ্যত সংঘটিত হৈছে এক কৰুণ ঘটনা। পুৱাই ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ টাকৈ শিশুৰ মৃত্যু হৈছে।
জানিব পৰা মতে ধুবুৰীৰ সোণাখুলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই ৰাজপথত খোজ কাঢ়িবলৈ যোৱা ৪ টাকৈ শিশুক এখন বাহনে মহটিয়াই নিয়ে। ফলত থিতাতে নিহত হয় তিনিটাকৈ শিশুৰ।
পাছত চিকিৎসালয়লৈ নিয়াৰ পথত আন এটি শিশুৰ মৃত্যু হয়। নিহত শিশু কেইটিৰ নাম ক্ৰমে মৰিয়ম খাতুন, জোৱাই ৰহমান, আবু ৰাইহান আৰু মেহদি হুছেইন।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ এ এছ ১৭ এল ৬৩৩১। ঘটনা সংঘটিত হোৱাৰ পাছতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰা হৈছে। ইফালে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Also Read: অসুস্থ আমৰণ অনশনত বহা চিকিৎসকঃ নিশাই হাস্পতালত ভৰ্তি...