মন্ত্ৰী উৰ্খাও গৌৰাৰ বন্তি প্ৰজ্বলনেৰে ৰূপচী বিমান বন্দৰৰ আনুষ্ঠানিক উদ্বোধন...

মন্ত্ৰী উৰ্খাও গৌৰাৰ বন্তি প্ৰজ্বলনেৰে ৰূপচী বিমান বন্দৰৰ আনুষ্ঠানিক উদ্বোধন...
Published on
Updated on

ডিজিটেল সংবাদ,ধুবুৰী: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে ৰূপচী বিমান বন্দৰৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ কৰে। ৰূপচী বিমান বন্দৰৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ পাটিলে জনোৱা মতে আজিৰ পৰা শুভাৰম্ভ হোৱা বিমান বন্দৰটো গুৱাহাটীৰ পৰা ৰূপচী হৈ কলকাতা আৰু কলকাতাৰ পৰা ৰূপচী হৈ গুৱাহাটী লৈকে সপ্তাহত ৩দিন চলিব। অৰ্থাৎ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে এই বিমান চলাচল কৰিব।

উল্লেখ যোগ্য যে, উৰান আঁচনিৰ অধীনত এলাইঞ্চ এয়াৰ নামৰ বিমান সন্থাই ৰূপচী বিমান বন্দৰৰ পৰা এই বিমান সেৱাৰ চলাচলত নিয়োজিত হৈ আছে বুলি জানিব পৰা গৈছে। চলিত অক্টোৱৰ মাহৰ পিচত এই বিমান সেৱা পাঁচদিন লৈকে চলিব বুলি জানিব পৰা গৈছে।

উল্লেখ যোগ্য যে, "ফ্লাই বিগ" নামৰ বিমান পৰিবহন সন্থা এটাই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে হোৱা এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৭ মাৰ্চৰ পৰা যাত্ৰীবাহী বিমান সেৱা তিনিবছৰীয়াকৈ চৰকাৰৰ লগত চুক্তি বদ্ধ হৈ আৰম্ভ কৰিছিল। প্ৰথমাৱস্থাত পৰিবহন সন্থাটোৱে ৭২খন আসনৰ বিমানেৰে সপ্তাহত তিনি দিন ৰূপচী হৈ গুৱাহাটীৰ পৰা ক'লকাতা আৰু ক'লকাতাৰ পৰা ৰূপচী হৈ গুৱাহাটীলৈ যাত্ৰী পৰিসেৱা চলিছিল। কিন্তু পিছত যাত্ৰী চাহিদা বৃদ্ধি পোৱাত উক্ত বিমান সপ্তাহত ছ দিনলৈ বৃদ্ধি কৰা হৈছিল।

কিন্তু বিগত ২০২৩ চনৰ ৭ নৱেম্বৰৰ পৰা কোনো ধৰনৰ আগ জাননী নিদিয়াক "ফ্লাই বিগ" কোম্পানীটোৱে ৰূপচীৰ পৰা বিমান চলাচল একেবাৰে বন্ধ কৰি দিছিল। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ উৰান-২ আৰু উৰান-৪ নামৰ আঁচনিৰ অধীনত প্ৰায় এশ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৰূপচী বিমান বন্দৰটো। শেহতীয়াকৈ ভাৰত চৰকাৰে ৰূপচী বাসী ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পুনৰ আজিৰে পৰা ৰূপচীৰ পৰা এলাইঞ্চ এয়াৰ নামৰ বিমান সন্থাৰ জৰিয়তে বিমান সেৱা চলাচল কৰাত ৰাইজে আনন্দিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in