ধুবুৰীত চিমেণ্ট ভৰ্তি বাহনত চোৰাং গৰু উদ্ধাৰ : এজনক আটক

ধুবুৰীত চিমেণ্ট ভৰ্তি বাহনত চোৰাং গৰু উদ্ধাৰ : এজনক আটক

author-image
Asomiya Pratidin
New Update
ধুবুৰীত চিমেণ্ট ভৰ্তি বাহনত চোৰাং গৰু উদ্ধাৰ : এজনক আটক

ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰীৰ অসম-পশ্চিম বংগ সীমান্ত আৰু ধুবুৰীৰ ভাৰত বাংলা সীমান্তইদি গৰুৰ ৰমৰমীয়া চোৰাং বেহা চলি থকাৰ সময়তে শুকুৰবাৰে ধুবুৰী চহৰত আৰক্ষীয়ে এখন বাহনৰ পৰা উদ্ধাৰ কৰিছে চোৰাং গৰু। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই চিমেন্ট পৰিবাহী ডি আই গাড়ী এখন আটক কৰি দুটাকৈ চোৰাং গৰু উদ্ধাৰ কৰা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি আজি বিয়লি ধুবুৰী চহৰৰ মাজেৰে নদীৰ ঘাটত যোৱাৰ উদ্দেশ্যে চিমেণ্টভৰ্তি ডি আই গাড়ী এখনত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ এটি দলে কৌশলেৰে দুটা কৈ গৰু লৈ যোৱাৰ সময়তে ধুবুৰী আৰক্ষীয়ে সেই গাড়ী খনক অনুসৰণ কৰে। ইয়াৰ পিচতে খেদি খেদি চহৰখনৰ ১০ নং ৱাৰ্ডৰ নুনীয়াপট্টিত ডিআই গাড়ীখনক আটক কৰি তালাচী চলায়।

গাড়ীখনৰ ভিতৰত ভৰি বান্ধি অতি নিৰ্মমভাৱে অনা দুটাকৈ গৰুক উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ অভিযানৰ সযয়তে ড্ৰাইভাৰৰ লগতে কেইবাজনো লোকে ডি আই গাড়ীখন এৰি পলায়ন কৰে যদিও আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

অভিযান কালত আৰক্ষীয়ে ১০০ পেকেট চিমেণ্টৰ বস্তাৰ সৈতে দুটাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে আৰক্ষীৰ হাতত আটক হোৱা লোকজনক আব্দুল ছালাম বুলি চিনাক্ত কৰা হৈছে।‌

আব্দুল ছালামৰ ঘৰ ধুবুৰীৰ ১১ নং ৱাৰ্ডৰ বাহাদুৰটাৰীত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গৰুৰ চোৰাং সৰবৰাহকাৰী দলটোৱে পশ্চিমবংগৰ পৰা গৰু দুটা আনি ধুবুৰী চহৰৰ কাষৰীয়া নদীৰ ঘাটৰ পৰা চোৰাংকৈ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে লৈ আনিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: মঙলদৈত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

Assam police