ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীৰ মাজেৰচৰত পাৰঘাটক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে।পাৰঘাটক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট।
পাৰঘাটৰ এই সংঘাটত দুয়ো পক্ষৰ কেইবাজনো লোক গুৰুতৰ ভাবে আহত হোৱাৰ লগতে কেইবাগৰাকী নাও যাত্ৰীও গুৰুতৰ ভাৱে আহত হৈছে। আহত লোকসকলত ধুবুৰী চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হৈছে।
ইয়াৰে আহত বক্কাৰ আলী নামৰ এজন লোকক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। দুই ফৈদৰ আক্ৰমণত যাত্ৰী আব্দুল ছালাম নামৰ এজন লোকে মূৰত প্ৰচণ্ড আঘাত পাইছে।
ঘটনা সংক্ৰান্তত ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।উক্ত এজাহাৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
Also Read: অৰুণোদয়, মূল্যবৃদ্ধি, জল জীৱন মিছন, ছাহ শ্ৰমিকৰ মজুৰিৰ প্ৰসংগৰে উত্তাল বিহালীৰ নিৰ্বাচনী সভা