ধুবুৰীত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ দল...

বিভিন্ন বিভাগত ৰূপায়িত আঁচনি পৰ্যবেক্ষণ কৰি বিভাগীয় মুৰব্বীৰে পৰ্যালোচনা সভা
ধুবুৰীত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ  সমিতিৰ দল...
ধুবুৰীত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ দল...
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতি চমুকৈ পি এ চিৰ ৫ জনীয়া বিধায়কৰ এটি দল আজি ধুবুৰীত আহি উপস্থিত হয়। পি এ চিৰ অধ্যক্ষৰ দায়িত্বত থকা বিধায়ক নুৰুল হুদা, বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী আৰু বিধায়ক উৎপল বৰা উপস্থিত থাকি জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত নিৰ্মাণ হোৱা চৰকাৰী আঁচনিৰ প্ৰকল্পসমূহৰ পৰ্যবেক্ষণ কৰে।

পি এ চিৰ সজাতি দলটোৱে আজি জিলাখনৰ গোলকগঞ্জ, গৌৰীপুৰকে ধৰি বিভিন্ন ঠাইত গৈ চৰকাৰী আঁচনিৰ কাম-কাজসমূহৰ পৰিদৰ্শন কৰাৰ লগতে কৃষক হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। ইপিনে আজি ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈয়ে পি এ চিৰ অধ্যক্ষৰ দায়িত্বত থকা বিধায়ক নুৰুল হুদাই সাংবাদিকৰ আগত কয় যে, এই উপ নিৰ্বাচনত চামুগুৰিত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত।

ৰাজ্যত উপ নিৰ্বাচনৰ পূৰ্বে বিজেপি দল শংকিত হৈছে বুলি তেঁও কয়। বিধায়ক কৰিম উদ্দিন বৰভূঞাই সম্প্ৰতি ৰাজ্যত বিভিন্ন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি সম্পৰ্কত মন্তব্য কৰি কয় যে, এই জনমত তেওঁ ইমান মূল্য বৃদ্ধি দেখা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ড, দিল্লী, মুম্বাই ভ্ৰমণত ব্যস্ত হৈ পৰিছে যদিও অসমত শাক, পাচলিৰ মূল্য কিলো প্ৰতি ১০০ টকা পাৰ কৰিছে।

তেওঁ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰীক আহ্বান জনাইছে। ইপিনে বিজেপিৰ বিধায়ক উৎপল বৰাই কয় যে, উন্নয়নৰ ইছ্যুলৈ বিজেপিয়ে এইবাৰ উপ নিৰ্বাচনত নামিছে। চামুগুৰিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিযোগিতা হ'ব কিন্তু বাকী বোৰত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে বিধায়ক উৎপল বৰাই।

আজি পি এ চিৰ দলটোৱে সন্ধিয়া প্ৰায় ৬ বজাত ধুবুৰী আৱৰ্ত ভৱনৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে আঁত ধৰা উক্ত পৰ্যালোচনা সভাখনত জিলাখনৰ বিভিন্ন বিভাগল বৰমূৰীয়াসকল উপস্থিত থাকে।

ধুবুৰীত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ  সমিতিৰ দল...
শিৱসাগৰ জিলা বাছনি দবা প্ৰতিযোগিতাত সমুজ্জ্বল বৰুৱা, ফৌজীয়া ফাহিমা চেম্পিয়ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in