আলুৰ নাটনিৰ সম্ভাৱনাঃ বংগ চৰাকৰে অসমত প্ৰৱেশত বাধা দিছে শ শ আলু ভৰ্তি ট্ৰাক...

বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল অসমত পুনৰ আলুৰ মূল্যবৃদ্ধিৰ আশংকা
আলুৰ নাটনিৰ সম্ভাৱনাঃ বংগ চৰাকৰে অসমত প্ৰৱেশত বাধা দিছে শ শ আলু ভৰ্তি ট্ৰাক...
আলুৰ নাটনিৰ সম্ভাৱনাঃ বংগ চৰাকৰে অসমত প্ৰৱেশত বাধা দিছে শ শ আলু ভৰ্তি ট্ৰাক...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাৰিষাৰ মাজতে ৰাজ্যৰ যোৱা কিছু দিনত হোৱা ধাৰাবাহিক বৰষুণ আৰু বানপানীৰ পৰিপ্ৰেক্ষিতত শাক-পাচলিৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাৰ পিছত আন এক বেয়া খবৰ আহিছে ৰাজ্যবাসীৰ বাবে। ৰাজ্য চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে শীঘ্ৰেই পুনৰ বৃদ্ধি পাব পাৰে আলুৰ মূল্য।

কিয়নো চুবুৰীয়া পশ্চিমবংগৰ পৰা অসমলৈ আলু ভৰ্তি ট্ৰাক প্ৰৱেশত বাধা প্ৰদান কৰিছে মমত বেনাৰ্জীয়ে। বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনা অনুসৰিয়েই ধুবুৰীৰ অসম-বংগ সীমান্তত বংগৰ দিশে শ শ আলুৰ ট্ৰাক আবদ্ধ কৰি ৰাখিছে বংগৰ সীমান্ত আৰক্ষীয়ে।

পশ্চিমবংগতো শাক-পাচলিৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ মূল্য হ্ৰাস কৰিবলৈ মমতা বেনাৰ্জীয়ে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। উল্লেখ্য যে, বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজ্যত চাহিদা পূৰণৰ ওপৰত গুৰুত্ব দিছে। তাৰ পাছতহে বহিঃ ৰাজ্যলৈ ৰপ্তানিৰ কথা চিন্তা কৰিব বুলিও জনাইছে।

মন কৰিবলগীয়া যে, অসমত চাহিদা অনুসৰি আলু উৎপাদন এতিয়াও নহয়। ফলত চাহিদা পূৰণ কৰিবলৈ অসমে চুবুৰীয়া পশ্চিমবংগ, উত্তৰ প্ৰদেশৰ ওপৰতে অধিক ভৰসা কৰিব লাগে। ইয়াৰোপৰি চুবুৰীয়া মেঘালয়ৰ পৰাও আহে কিছু পৰিমাণে আলু।

এইদৰে আলুৰ আমদানিত অসমৰ পৰা প্ৰতি বছৰে অতি কমেও ৪,৫০০ কোটি টকা ব্যয় কৰিব লাগে। অসম চৰকাৰৰ এক তথ্য অনুসৰিয়েই ইয়াৰ অধিকাংশ ধনেই যায় পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশলৈ। অৰ্থাৎ অসমে আলুৰ ক্ষেত্ৰত সৰ্বাধিক পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ ওপৰতে নিৰ্ভৰশীল।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰিয়েই অসমত প্ৰতি বছৰে প্ৰয়োজন হয় ৪০ মেট্ৰিকটন আলু। অসমৰ ৭০ শতাংশ লোকেই কৃষি কৰ্মৰে জড়িত যদিও অসমত প্ৰয়োজন হোৱা এই আলুৰ চাহিদা অসমৰ কৃষকে পূৰণ কৰিব পৰা নাই।

অসম চৰকাৰৰ কৃষি বিভাগৰ তথ্য অনুসৰিয়েই অসমত বছৰি আলু উৎপাদন হয় মাত্ৰ ১১ লাখ মেট্ৰিকটন। অৰ্থাৎ প্ৰয়োজনতকৈ ২৯ মেট্ৰিকটনেই কমকৈ উৎপাদন হয় অসমত। আন এক তথ্য অনুসৰি আকৌ অসমত ১১ লাখ মেট্ৰিকটনতকৈ অধিক আলু উৎপাদন হয়। কিন্তু শীতল ভঁৰালৰ অভাৱত অসমৰ কৃষকে মধ্যভোগীৰ জৰিয়তে এই আলু বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে। ফলত অসমত আলুৰ চাহিদা থকাৰ পাছতো কৃষকে প্ৰকৃত মূল্য পোৱাৰ পৰা বঞ্চিত হোৱাৰ উপৰিও অসম আন ৰাজ্যৰ ওপৰতেই নিৰ্ভৰশীল হ'বলগীয়া হয়।

এনে পৰিস্থিতিত বানে বিধ্বস্ত কৰা ৰাজ্যখনত এতিয়া আলুৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিয়া বিষয়টো ব্যাপক চিন্তনীয় হৈ পৰিছে। বংগ চৰকাৰে আলু ভৰ্তি ট্ৰাক আবদ্ধ কৰাৰ ফলত অসমৰ বিপদ নিশ্চিত। সেয়ে অসম চৰকাৰে যদি ততকালীনভাৱে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অসমতো আলুৰ মূল্য পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

আলুৰ নাটনিৰ সম্ভাৱনাঃ বংগ চৰাকৰে অসমত প্ৰৱেশত বাধা দিছে শ শ আলু ভৰ্তি ট্ৰাক...
বঙাইগাঁৱত চলন্ত অৱস্থাতে গান্ধী ধাম এক্সপ্ৰেছত অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in