বাংলাদেশৰ কাৰাগাৰত বন্দী আলফা নেতা প্ৰদীপ ৰায়ক স্বদেশলৈ ঘূৰাই অনাৰ কাতৰ আহ্বান পৰিয়ালৰ...

২৮ টা বছৰে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ কাৰাগাৰত বন্দী আলফা নেতা প্ৰদীপ ৰায়ক স্বদেশলৈ ঘূৰাই অনাৰ কাতৰ আহ্বান পৰিয়ালৰ...

বাংলাদেশৰ কাৰাগাৰত বন্দী আলফা নেতা প্ৰদীপ ৰায়ক স্বদেশলৈ ঘূৰাই অনাৰ কাতৰ আহ্বান পৰিয়ালৰ...

ডিজিটেল সংবাদ ধুবুৰীঃ শেহতীয়াকৈ বাংলাদেশত হোৱা গণ অভ্যুত্থান আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ সময়তে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ নিৱাসী প্ৰদীপ ৰায় ওৰফে দীপজ্যোতি মহন্ত ওৰফে ৰঞ্জন চৌধুৰীৰ নামটো পুনৰ চৰ্চালৈ আহিছে। মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ প্ৰয়াত মধুসুদন ৰায় আৰু প্ৰয়াত শুভদ্ৰা ৰায়ৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ ৰায়ে ১৯৯০ চনত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাত যোগদান কৰাৰ পাছত সংগঠনটোৰ কাম-কাজত ব্যস্ত থাকি পৰৱৰ্তী সময়ত আলফাৰ ধুবুৰী জিলাৰ সচিবৰ পদতো অধিষ্ঠিত হৈ দায়িত্ব পালন কৰিছিল।

বিগত ১৯৯৬ চনৰ ১৩ জুলাইত ধুবুৰী জিলা আৰক্ষীয়ে বিলাসীপাৰাৰ পৰা আলফা নেতা প্ৰদীপ ৰায় ওৰফে দীপজ্যোতি মহন্তক গ্ৰেপ্তাৰ কৰিছিল। সেই বছৰতে প্ৰদীপ ৰায় ওৰফে দ্বীপজ্যোতি মহন্তই কাৰাগাৰৰ পৰা ওলাই ঘৰলৈ অহাৰ পাছত পুনৰ সন্ধানহীন হৈ পৰিছিল আলফা নেতাগৰাকী। চৰ্চা অনুসৰি প্ৰদীপ ৰায় ওৰফে দ্বীপজ্যোতি মহন্ত ওৰফে ৰঞ্জন চৌধুৰীয়ে বাংলাদেশলৈ গৈ আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ সৈতে থাকি সংগঠনৰ কাম-কাজ সমূহ চোৱা-চিতা কৰিছিল।

১৯৯৭ চনৰ পৰা বাংলাদেশত থাকিবলৈ লোৱা প্ৰদীপ ৰায়ে বিগত ২০১২ চনৰ ১৭ জুলাইত বাংলাদেশৰ কিশোৰগঞ্জৰ লক্ষ্মীপুৰৰ পৰা বাংলাদেশ আৰক্ষীয়ে প্ৰদীপ ৰায়ৰ সৈতে তেঁওৰ আন এজন সহযোগী প্ৰদীপ মাৰাকক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল। আলফাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰদীপ ৰায় আৰু তেঁওৰ সহযোগী প্ৰদীপ মাৰাকক ২০১৫ চনত বাংলাদেশৰ আদালতে দেশ বিৰোধী কাৰ্যত লিপ্ত থকাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি বাংলাদেশৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

ইপিনে সুদীৰ্ঘ প্ৰায় ২৮ টা বছৰে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ থকা আলফাৰ শীৰ্ষ নেতা প্ৰদীপ ৰায় স্বদেশলৈ ঘূৰি অহাৰ আশাত অধীৰ অপেক্ষাৰে বাট চাই আছে তেঁওৰ পৰিয়ালৰ লোক। শেহতীয়াকৈ বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৱলীৰ কথা শুনি প্ৰদীপ ৰায়ৰ পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে।

প্ৰদীপ ৰায়ক পুনৰ স্বদেশলৈ ঘূৰাই অনাৰ বাবে পৰিয়ালৰ লোকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লৈ কাতৰ আহ্বান জনাইছে। এইক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দৃষ্টি দিয়াৰ বাবেও আহ্বান জনাইছে পৰিয়ালৰ লোকে। বৰ্তমানে শীৰ্ষ আলফা নেতা গৰাকীৰ বয়স ৫৮ বছৰ হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

Also Read: বাংলাদেশৰ বন্দৰৰ দিশে তিনি চীনা জাহাজঃ দেখা দিছিল শ্ৰীলংকাৰ অস্থিৰ সময়তো...

আলফা বাংলাদেশ