ডিজিটেল সংবাদ,ধুবুৰী: আগমনি আৰক্ষী থানাৰ অন্তৰ্গত সেন্দুৰাই ২য় খণ্ড গাঁৱৰ এগৰাকী মহিলাক যৌতুক বিচাৰি স্বামী ঘৰে নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছে। যৌতকৰ বলি হৈ আগমনি আৰক্ষী থানাত এজাহাৰ দিয়ে ভুক্তভোগীয়ে। কিন্তু আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন নকৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সেন্দুৰাই ২য় খণ্ড গাঁৱৰ আবু হুছেইন শেখৰ কন্যা হুছেনাৰা খাতুনে আগমনি আৰক্ষী থানাত দাখিল কৰা এজাহাৰ খনত উল্লেখ কৰা মতে, তেওঁৰ স্বামী ইউনুছ আলী আৰু পৰিয়ালৰ লোকে প্ৰায়ে তেওঁৰ পৰা যৌতুকৰ ধন বিচাৰি মানসিক আৰু শাৰিৰীক নিৰ্যাতন চলাই আহিছিল।
ইয়াৰ পিচত স্বামী গৃহৰ লোকৰ শাৰিৰীক অত্যাচাৰ সহ্য কৰিব নোৱাৰাৰ লগতে দাবী কৰা যৌতুকৰ ধন দিব নোৱাৰি হুছেনাৰা খাতুনে ১১ আগষ্টত পিতৃ গৃহলৈ গুচি আহিছিল।
স্বামীৰ পৰিয়ালৰ লোকৰ দ্বাৰা নিৰ্যাতিত হুছেনাৰা খাতুনে ১৫ আগষ্টত আগমনি আৰক্ষী থানাত স্বামী ইউনুছ আলীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। পিচতো আগমনি আৰক্ষী থানাত গোচৰটো পঞ্জীয়ন নকৰাত আৰক্ষীৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
ইপিনে আজি হুছেনাৰা খাতুনৰ পিতৃ আবু হুছেইন সেখে সাংবাদিকৰ আগত কয় যে, তেওঁৰ কন্যাৰ সৈতে ইউনুছ আলীৰ সামাজিকভাৱে দুই বছৰ আগতে বিয়া হৈছিল। বিয়াৰ কিছুদিনৰ পৰাই স্বামীগৃহৰ লোকে তেওঁৰ কন্যাৰ ওপৰত যৌতুকৰ ধন বিচাৰি অকথ্য নিৰ্যাতন চলাই গৈছিল বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে অতিকৈ দুখীয়া দিন-হাজিৰা কৰি কোনোমতে সংসাৰ খন চলোৱা আবু হুছেইন সেখে ন্যায় বিচাৰি আগমনি আৰক্ষী থানালৈ আহি বিফল মনেৰে ঘূৰি যাব লগা হৈছে। এইক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।
Also Read: কবীন্দ্ৰ পুৰকায়স্থক সন্মানীয় ডিগ্ৰী প্ৰদানৰ ঘোষণা অসম বিশ্ববিদ্যালয়ৰ