ধিং, কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি মহিলাৰ প্ৰতিবাদ

ধুবুৰীত শ শ মহিলাই প্ৰতিবাদী সমদল কৰি অৱৰোধ কৰিলে পথ
ধিং, কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি মহিলাৰ প্ৰতিবাদ
ধিং, কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি মহিলাৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ ধুবুৰীঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পাতাল কাণ্ড আৰু নগাঁও জিলাৰ ধিঙৰ ঘটনাকলৈ আজি ধুবুৰী চহৰৰ শতাধিক মহিলা, কণ কণ শিশুৱে পাঁচমোৰ এলেকাৰ পথ অৱৰোধ কৰি অপৰাধীৰ কঠোৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি সন্ধিয়া প্ৰায় ৬ বজাত আৰ জি কৰ কাণ্ডৰ প্ৰতিবাদত ধুবুৰীৰ বিষ্ণু চিনেমা হ'লৰ ওচৰৰ এলেকাৰ পৰা অঞ্চলটোৰ বহু মহিলাই এক প্ৰতিবাদী সমদল উলিয়ায়।

যৌন নিৰ্যাতনকাৰী, অপৰাধীৰ ফাঁচীৰ দাবীত বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি ধুবুৰী চহৰৰ পাঁচমোৰত মহিলা প্ৰতিবাদকাৰীৰ দলটো আহি উপস্থিত হয়। ক্ষুব্ধ মহিলাসকলে আৰজি কৰ মেডিকেল কলেজ হাস্পাতালৰ এগৰাকী শিক্ষাৰ্থী চিকিৎসকক যৌন নিৰ্যাতন কৰি হত্যাকৰাৰ দৰে পাশৱিক ঘটনাৰ এক মুখে গৰিহণা দিয়াৰ সমান্তৰালকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ইস্তফা দিয়াৰ বাবে দাবী জনায়।

একেদৰে প্ৰতিবাদকাৰী সকলে আজিৰ এই প্ৰতিবাদস্থলীতে নগাঁওৰ জিলাৰ ধিঙত সংঘটিত হোৱা দশম শ্ৰেণীৰ ছাত্ৰীৰ যৌন নিৰ্যাতনৰ ঘটনাৰো প্ৰতিবাদ জনাই দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰে।

ধিং, কলকাতাৰ যৌন নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি মহিলাৰ প্ৰতিবাদ
ধিঙৰ যৌন নিৰ্যাতন ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত ওলাই আহিল খিলঞ্জীয়া মুছলমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in