ফেৰী বা নাও দুৰ্ঘটনা ৰোধৰ বাবে ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশনা...

১৪৪ ধাৰাৰ অধীনত শনিবাৰে এক জাননীযোগে কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে

author-image
Asomiya Pratidin
New Update
ফেৰী বা নাও দুৰ্ঘটনা ৰোধৰ বাবে ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশনা...

dhuburi DC

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ আৰু আন উপনৈসমূহত সংঘটিত ফেৰী বা নাও দুৰ্ঘটনা ৰোধ কৰি যাত্ৰী আৰু সামগ্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰু ফেৰী সেৱা সুচাৰুৰূপে চলাতো নিশ্চিত কৰাৰ বাবে ধুবুৰী জিলা উপায়ুক্তই ফৌজদাৰী বিধিৰ ১৪৪ ধাৰাৰ অধীনত শনিবাৰে এক জাননীযোগে কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

সেইসমূহ হৈছে কাৰ্গো বা সামগ্ৰী কঢ়িওৱা নাও বা ফেৰীত আভ্যন্তৰীন জলপৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা নাও বা ফেৰীৰ সৰ্বাধিক চাৰিজন কৰ্মচাৰীৰ বাহিৰে কোনো লোক বা যাত্ৰী যাব নোৱাৰিব ৷ সকলো নাও বা ফেৰীত জীৱন ৰক্ষাকাৰী সামগ্ৰী যেনে লাইফ জেকেট, অগ্নি নিৰ্বাপক যন্ত্ৰ, ফাৰ্ষ্ট এইড বক্স আদি থাকিব লাগিব ৷

আভ্যন্তৰীন জলপৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া ওজন বা আসনৰ সংখ্যা অতিৰিক্ত সামগ্ৰী বা যাত্ৰী নাও বা ফেৰীয়ে নিব নোৱাৰিব ৷ আভ্যন্তৰীন জলপৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়াৰ সময় যাত্ৰীবাহী বা মালবাহী ফেৰীয়ে কঠোৰভাৱে মানি চলিব লাগিব ৷

সূৰ্যাস্তৰ পিছত বা কুঁৱলি থাকিলে কোনো ফেৰী সেৱা চলিব নোৱাৰিব ৷ নাৱত যাত্ৰা কৰাৰ সময়ত ছেল্ফি লোৱাতো সম্পূৰ্ণৰূপে নিষিদ্ধ ৷ আভ্যন্তৰীন জলপৰিবহণৰ বিষয়াই নিয়মীয়াকৈ যাত্ৰীবাহী বা সামগ্ৰী কঢ়িওৱা নাও বা ফেৰীৰ ফিটনেছৰ পৰীক্ষণ কৰিব ৷ আভ্যন্তৰীন জলপৰিবহণ বিভাগে নাও বা ফেৰীৰ চালক আৰু কৰ্মচাৰীক নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব৷

assam dhuburi dc