খহনীয়াই কালৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ সুন্দৰপাৰাত...

ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়

author-image
Asomiya Pratidin
New Update
খহনীয়াই কালৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ সুন্দৰপাৰাত...

dhuburi erosion

ডিজিটেল সংবাদ, ফকিৰগঞ্জ : ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনত থকা জলেশ্বৰ সমষ্টিৰ সুন্দৰ পাৰা গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰাৰ মাজতে যোৱা নিশা হঠাতে অহা ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় ৩০টা পৰিয়ালৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজে পৰিয়াল কেইটাৰ ঘৰবাৰী স্থানান্তৰ কৰে যদিও কেবাটাও পৰিয়ালৰ ঘৰবাৰী পানীত বুৰ যায়। যাৰ বাবে ঘৰবাৰী স্থানান্তৰ কৰিবলৈ নিশাৰ ভাগতে ৰাইজৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

মনকৰিবলগীয়া যে দীৰ্ঘদিনৰ পৰা চলি অহা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা নদীত বাঁহৰ পাৰ্কুপাইন পেলাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও বাঁহৰ পাৰ্কুপাইনক উপলুঙা কৰি ব্ৰহ্মপুত্ৰৰ কোৱাল সোতে মাজে সময়ে খহনীয়া অব্যাহত ৰাখিছে।

ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত ভেটি-মাটি সকলো হেৰুৱাই ঠাই বিচাৰি ভুক্তভোগীয়ে আশ্ৰয় ল'বলগা হৈছে ৰাস্তাৰ কাষত। কিন্তু খহনীয়া কৱলত থকা অঞ্চলটোৰ প্ৰতি স্থানীয় বিধায়ক, সাংসদকে ধৰি কোনো জনপ্ৰতিনিধিয়ে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যাৱস্থা কৰা নাই।

assam dhuburi erosion