ধুলা কাণ্ডঃ চি আই ডিয়ে দাখিল কৰিলে চাৰ্জশ্বিট, SP সহ ৩ বিষয়াৰ নাম...

ধুলা কাণ্ডঃ চি আই ডিয়ে দাখিল কৰিলে চাৰ্জশ্বিট, SP সহ ৩ বিষয়াৰ নাম...

author-image
Asomiya Pratidin
New Update
ধুলা কাণ্ডঃ চি আই ডিয়ে দাখিল কৰিলে চাৰ্জশ্বিট, SP সহ ৩ বিষয়াৰ নাম...

ধুলা কাণ্ডঃ চি আই ডিয়ে দাখিল কৰিলে চাৰ্জশ্বিট, SP সহ ৩ বিষয়াৰ নাম...

ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা দৰঙৰ ধুলা কাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিলে চি আই ডিয়ে। উল্লেখ্য যে, এগৰাকী বনকৰা কিশোৰীক হত্যাৰ ঘটনাক ধনৰ লেনদেনেৰে গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত সমগ্ৰ বিষয়টো চি আই ডিলৈ হস্তান্তৰ কৰা হয়। চি আই ডিত এই সন্দৰ্ভত ২০/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰা হয় আৰু চি আই ডিয়ে তদন্ত আৰম্ভ কৰে।

তদন্তৰ অন্তত এই ঘটনাৰ সৈতে জড়িত মূল অপৰাধীক ধনৰ বিনিময়ত ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাটো নিশ্চিত হয়। আজি চি আই ডিয়ে দাখিল কৰাৰ চাৰ্জশ্বিটত সেই সময়ৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক উৎপল বৰা, দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, এ এছ পি ৰূপম ফুকন, নিজু নাথৰ নাম উল্লেখ আছে।

বনকৰা কিশোৰীগৰাকীক হত্যাৰ ঘটনা গাপ দিবলৈ সেই সময়ৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ লগতে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই ৫ লাখ টকা হত্যাকাৰীৰ পৰা সংগ্ৰহ কৰিছিল। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই তেওঁৰ লগতে সেই সময়ৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তই ২০২২ ৰ জুনৰ পৰা জুলাইৰ ভিতৰত ৫ লাখ টকা তিনিটা কিস্তিত সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছে।

চি আই ডিয়ে তদন্তৰ সময়ছোৱাত ধন সংগ্ৰহ কৰা বেংক একাউণ্টৰ সবিশেষ, ক'ৰ পৰা ধন উঠোৱা হৈছিল, কোনে উইথড্ৰ কৰিছিল আৰু এছ আই উৎপল বৰাক কোনে সেই ধন দিছিল সেইসমূহ তথ্য একত্ৰিত কৰা হয়। ইয়াৰোপৰি কল ডিটেইলছ, কল ৰেকৰ্ড, কল লিংক এনালাইছিচ, জিঅ' টাৱাৰ এনালাইছিচ, ট্ৰেভেল হিষ্ট্ৰী মেপিঙৰ অন্তত ৫ লাখ টকা ৩ টা কিস্তিত উৎকোচ হিচাপে দিয়া বিষয়টো সত্য প্ৰমাণিত হয়।

এই ধন হত্যাকাণ্ডৰ মূল অভিযুক্ত কৃষ্ণ কমল বৰুৱাই তেওঁৰ পৰিয়ালৰ সদস্যৰ জৰিয়তে প্ৰদান কৰিছিল। এই সকলোবোৰ তদানীন্তন এছ পি ৰাজমোহন ৰায়ৰ নিৰ্দেশতে হৈছিল বুলি টেলিউফোনিক কল ৰেকৰ্ডত প্ৰমাণ হৈছে।

ইফালে তদন্তৰ অন্তত তিনিওগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে চি আৰ পি চিৰ ধাৰা ১৯৭, দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ (সংশোধিত ২০১৮) ৰ ১৯ (১), অসম আৰক্ষী আইন ২০০৭ ৰ ধাৰা ১০২ আৰোপ কৰা হৈছে। আনহাতে তথ্য বিকৃতকৰণ, অপৰাধ নিৰ্মূলত বাধা প্ৰদান, উৎকোচ লোৱা সন্দৰ্ভত আই পি চিৰ ধাৰা ১২০(বি), দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ (সংশোধিত ২০১৮)ৰ ধাৰা ২০১, ৭ (বি), ৮ (১)(ii) আৰু অসম আৰক্ষী আইন ২০০৭ ৰ ধাৰা ৯৮ (a) আৰোপ কৰা হৈছে।

চি আই ডিয়ে চাৰ্জশ্বিটৰ সৈতে ন্যায়ালয়ত সমগ্ৰ গোচৰটোৰ সন্দৰ্ভত ৩৬ খন ডকুমেণ্ট, ২৪ টা বিভিন্ন সামগ্ৰী জমা দিয়াৰ লগতে ৬১ গৰাকী সাক্ষীৰ নাম সন্নিৱিষ্ট কৰিছে।

Also Read: বিজেপিৰ NDA ত ৩৮ টা, একত্ৰিত INDIA ত ২৬ টা ৰাজনৈতিক দল...

চি আই ডি ধুলা কাণ্ড