ৰাস্তাত একাঁঠু বোকা-পানীঃ নেদেখে বিধায়কে, ক্ষোভিত ৰাইজ...

ৰাস্তাত একাঁঠু বোকা-পানীঃ নেদেখে বিধায়কে, ক্ষোভিত ৰাইজ...
Published on
Updated on

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় টাউনৰ দাটিকাষৰীয়া তথা খোৱাং বিধান সভা সমষ্টিৰ অন্তৰ্গত জকাই বৰবাম টঙিয়া বন গাঁৱৰ মূল পথটো দীৰ্ঘদিনে বোকা-পানীৰে বিধ্বস্ত হৈ থকাত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে ।

বিধ্বস্ত পথটো নিৰ্মাণৰ বাবে বহু আবেদন-নিবেদন কৰিও কোনো সুফল নধৰাত ৰাইজ ক্ষোভিত হৈ পৰে । স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে পথটো নিৰ্মাণৰ বাবে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।

উল্লেখ্য যে, জকাই বনাঞ্চলৰ মাজেৰে যোৱা পথটো বিভিন্ন অজুহাতত নিৰ্মাণ নকৰাত প্ৰায় ডেৰশতাধিক পৰিয়াল দিৰ্ঘদিনৰ পৰা যমৰ যাতনা ভুগিবলগীয়া হোৱাত শীঘ্ৰে পথটো নিৰ্মাণৰ বাবে ৰাইজে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ।

ৰাস্তাত একাঁঠু বোকা-পানীঃ নেদেখে বিধায়কে, ক্ষোভিত ৰাইজ...
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সোণাৰাম বৰুৱাক ' শিৱসাগৰ ৰত্ন ' বঁটা প্রদান... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in