ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য কপাঁই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত সাঙোৰ খালে আন এক ছাত্ৰৰ নাম । ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ নাম সাঙোৰ খালে ৰেগিং কাণ্ডত । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাই ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ মোবাইল ফোন কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং আনন্দ শৰ্মাই ।
ভুক্তভোগী ছাত্ৰ গৰাকীৰ ওপৰত শাৰীৰিক আতিশয্য চলাই থকা অৱস্থাত কাঢ়ি নিয়া হৈছিল মোবাইল ফোনটো । হয়তো আতিশয্য চলাই থকা অৱস্থাত ভিডিঅ' ৰেকৰ্ডিং কৰি ৰেগিঙৰ প্ৰমাণ নাৰাখিবলৈ অথবা কোনো ব্যক্তিক যোগাযোগ কৰিব নোৱাৰাৰ বাবে কাঢ়ি নিয়া হৈছিল মোবাইল ফোনটো ।
ইয়াৰ ওপৰিও, আনন্দ শৰ্মাৰ ভগ্নীৰ আন এক অভিযোগেও চাঞ্চল্যকৰ সৃষ্টি কৰিছে বিশ্ববিদ্যালয়ৰ প্ৰাংগণত । অভিযোগ অনুসৰি, আনন্দ শৰ্মাই পূৰ্বেও দুখ প্ৰকাশ কৰিছিল সাধাৰণ সম্পাদক গৰাকীয়ে আতিশয্যত সমৰ্থন কৰা কাৰ্যত । যি গৰাকী ছাত্ৰ নেতাক ভোট দি জয়যুক্ত কৰিছিল সেই গৰাকী ছাত্ৰ নেতাই বিশ্ববিদ্যালয়ত ৰেগিং কাৰ্যক পশ্ৰয় দিয়া কাণ্ডই দুখিত কৰিছিল আনন্দ শৰ্মাক ।
আৰু পঢ়ক : গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ আন এক অভিযুক্ত