হাতত কোৰ-বেলচা লৈ লুৰিণজ্যোতিৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ

অসম জাতীয় পৰিষদ দুলিয়াজান সমষ্টি সমিতিৰ উদ্যোগত আৰু লেংৰাইবাসী ৰাইজৰ সহযোগত শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়
হাতত কোৰ-বেলচা লৈ লুৰিণজ্যোতিৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ
Published on
Updated on

ডিজিটেল সংবাদ,টেঙাখাত : অসম জাতীয় পৰিষদ দুলিয়াজান সমষ্টি সমিতিৰ উদ্যোগত আৰু লেংৰাইবাসী ৰাইজৰ সহযোগত শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মঙলবাৰে টেঙাখাত লেংৰাই তিনিআলিৰ পৰা দক্ষিণ কপহুৱাত সংযোগ হোৱা প্ৰায় ডেৰ কিলোমিটাৰ দৈঘ্যৰ এটা জৰাজীৰ্ণ পথত শ্ৰমদান কাৰ্যসূচী ৰূপায়ন কৰা হয়।

পুৱা প্ৰায় ১১ বজাত আৰম্ভ হোৱা উক্ত কাৰ্যসূচীত পৰিষদৰ একাংশ নেতা-কৰ্মীৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত থাকে। এই শ্ৰমদান কাৰ্যসূচীত সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত শিল্গী জুবিন গাৰ্গে অসম জাতীয় পৰিষদ সন্দৰ্ভত কৰা মন্তব্যৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

হাতত কোৰ-বেলচা লৈ লুৰিণজ্যোতিৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ
লাখ টকাৰ পুৰস্কাৰেৰে আয়োজন বৰশী বোৱা প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in