উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কপহুৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান...

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কপহুৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান...
Published on
Updated on

ডিজিটেল সংবাদ, টেঙাখাতঃ ঈপ্সিত লক্ষ্যলৈ একাগ্ৰতাৰে কৰ্তব্যত অগ্ৰসৰ হ'লে দৰিদ্ৰতা সাফল্যৰ অন্তৰায় হ'ব নোৱাৰে তাকেই প্ৰমান কৰি দেখুৱালে ডিব্ৰুগড় জিলাৰ টেঙাখাত কপহুৱা গাঁৱৰ বাসিন্দা মনজিত সোণোৱালৰ পুত্ৰ নৰোত্তম সোণোৱালে ।

নৰোত্তম সোণোৱালে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমীয়া, সমাজ বিজ্ঞান, বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞানত লেটাৰ নম্বৰসহ সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

উল্লেখ্য যে, সমগ্ৰ টেঙাখাত অঞ্চলত মুণ্ডা নামেৰে জনাজাত মনজিত সোণোৱালৰ বংশ পৰিয়াল পূৰ্বতে বুঢ়ীদিহিং নদীৰ কাষৰ শলকনি মাজুলী অঞ্চলত ৰবি-খাৰিফ শস্য কৰি স্বচ্ছল জীৱন নিৰ্বাহ কৰিছিল যদিও বুঢ়ীদিহিং নদীৰ বান খহনীয়াৰ ফলত কৃষি ভূমি তথা আবাস ভূমি বুঢ়ীদিহিং নদীৰ বুকুত জাহ যোৱাত বিগত প্ৰায় তিনিবছৰৰ আগত মনজিত সোণোৱালৰ পৰিয়ালটি কপহুৱা গাঁৱলৈ আহি এটি জুপুৰী সাজি জীৱন নিৰ্বাহ কৰিছিল যদিও ইতিমধ্যে প্ৰধানমন্ত্ৰী আাৱাস যোজনাৰ আঁচনিত নিৰ্মিত বাসপযোগী গৃহত বসবাস কৰে । অৱশ্যে মনজিত সোণোৱালে অতি কষ্টেৰে ঠেলা চলাই মতিয়াকাম দিন হাজিৰা কাম আদি কৰি জীৱন নিৰ্বাহ কৰি আহিব লগা হৈছে ।

তেওঁৰ অমায়িক পুত্ৰ তথা কীৰ্তি ছাত্ৰ উল্লেখিত নৰোত্তম সোণোৱালেও দৰিদ্ৰ পৰিয়ালটিক সকাহ দিয়াৰ স্বাৰ্থত শাক-পাচলি বিক্ৰী কৰা গৰমৰ দিনত বৰফ বেচা আদি কাৰ্য কৰাৰ লগতে অধ্যয়নত ব্ৰতী হৈ আহিছে । স্মৰ্তব্য যে, নৰোত্তমে সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছদিনাও বৰফ বিক্ৰী কৰা পৰিলক্ষিত হয় ।

ইফালে নৰোত্তমৰ সফলতাত শুভাকাংক্ষী বিভিন্নজনে তেওঁৰ পৰৱৰ্তী উচ্চ শিক্ষা গ্ৰহনত ইতিমধ্যে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ সমান্তৰালভাৱে যোৱা ৭ জুনত একাংশ ওচৰ চুবুৰীয়া পৰিয়ালবৰ্গৰ উপস্থিতিত তেওঁৰ পৰিয়ালৰ চোতালত এক বিশেষ অনুষ্ঠান আয়োজন কৰি টেঙাখাত শাখা সাহিত্য সভাৰ সম্পাদক তথা শিক্ষক পলাশজ্যোতি শৰ্মা যুৱ ছাত্ৰ পৰিষদৰ নেতা পাৰ্থপ্ৰতীম কোঁৱৰ অগপৰ নেতা হিৰণ্য সোণোৱাল বিশিষ্ট সাংবাদিক নৱ কুমাৰ গগৈ ৰূপম গগৈসহ অঞ্চলটোৰ একাংশ বিশিষ্ট সাংবাদিক আদিয়ে নৰোত্তমক ফুলাম গামোছাৰে অভিনন্দন জনোৱাৰ লগতে উক্ত পলাশজ্যোতি শৰ্মা হিৰণ্য সোণোৱালে কিঞ্চিত নগদ ধন প্ৰদান কৰাৰ লগতে পাৰ্থপ্ৰতিম কোঁৱৰে যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা কিতাপ পত্ৰ প্ৰদানৰ ৰাজহুৱাভাৱে ঘোষণা কৰা পৰিলক্ষিত হয় ।

অনুষ্ঠানত উক্ত পলাশজ্যোতি শৰ্মা পাৰ্থপ্ৰতীম কোঁৱৰ আদিয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ হৈ দদায়েক নৃপেন সোণোৱালে ধন্যবাদসূচক বক্তব্য প্ৰদান কৰে । ইফালে নৰোত্তম সোণোৱালে আৰু পিতৃ মনজিত সোণোৱালেও নৰত্তোমৰ এনে সফলতাত মত প্ৰকাশ কৰে ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কপহুৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান...
লিডুৰ অবৈধ কয়লাখনিত পুনৰ অঘটন; প্ৰাণ হেৰুৱালে দুই অসমীয়া যুৱকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in