অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন : চিলিং খহি আঘাতপ্ৰাপ্ত নাৰ্ছ

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন : চিলিং খহি আঘাতপ্ৰাপ্ত নাৰ্ছ
Published on
Updated on

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত সংঘটিত হৈছে এক হাস্পতালত অঘটন। যোৱা দেওবাৰে নিশা প্ৰায় ১০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত অতি বিশেষ সেৱা ব্লকৰ তৃতীয় মহালাৰ এখন চিলিং হঠাৎ খহি পৰে। এই পৰিপ্ৰেক্ষিতত সেই মহলাটোত থকা এগৰাকী কৰ্তব্যৰত নাৰ্ছ আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য়নীয় যে, উক্ত মহলাতে আছে হাস্পতালখমৰ নিউৰ’ল’জি আৰু ইউৰ’ল’জিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ। সৌভাগ্যক্ৰমে এই ঘটনাৰ পৰা কোনো ৰোগী আদত হোৱা নাই যদিও কথামপিহে ৰক্ষা পৰে বহুকেইজন ৰোগীৰ জীৱন।

জানিব পৰা মতে, এই অট্টালিকাটোৰ নিৰ্মাণৰ ঠিকা লৈছিল হায়দৰাবাদৰ কে এম ভি নামৰ এটা প্ৰতিষ্ঠানে। ২০১৬ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰি মাত্ৰ দুবছৰ পূৰ্বে ২০২১ চনত হাস্পতাল কৰ্তৃপক্ষক ছমজাই দিয়া হৈছিল অট্টালিকাটো। তাৰপিছতে ২০২২ চনৰ পৰা ভৱনটোত আৰম্ভ হৈছিল চিকিৎসা সেৱা।

উল্লেখ্য যে, উক্ত ভৱনটো ছমজি লোৱাৰ পিছতেই হাস্পতাল কৰ্তৃপক্ষই ভৱনটোত বিভিন্ন বিসংগতি লক্ষ্য কৰিছিল আৰু সেই বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰোৱা হৈছিল। কিন্তু তৎসত্তেই নিৰ্দ্ধাৰিত কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

উক্ত ঘটনা পৰিপ্ৰক্ষিতত এতিয়া ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগেৰে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে হাস্পতাল কৰ্তৃপক্ষয়। ডিব্ৰুগড় জিলা কৰ্তৃপক্ষই ইতিমধ্যেই এখন তদন্ত আয়োগ গঠন কৰি ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in