গেছৰ বৰ্ধিত মূল্যৰ বাবেই লোকচানৰ সন্মুখীন APL: বাংলাদেশৰ বজাৰেহে সকাহ দিব উদ্যোগটোক !

অধ্যক্ষ বিকুল ডেকাৰ সংবাদ মেল
গেছৰ বৰ্ধিত মূল্যৰ বাবেই লোকচানৰ সন্মুখীন APL:  বাংলাদেশৰ বজাৰেহে সকাহ  দিব উদ্যোগটোক !
গেছৰ বৰ্ধিত মূল্যৰ বাবেই লোকচানৰ সন্মুখীন APL: বাংলাদেশৰ বজাৰেহে সকাহ দিব উদ্যোগটোক !
Published on
Updated on

ডিজিটেল সংবাদ নামৰূপঃ ১৯৭১ চনতে স্থাপন হোৱা নামৰূপস্থিত অসম পেট্ৰ' কেমিকেল লিমিটেড চমুকৈ এ পি এলে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ ক্ৰমাৎ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ কৰাৰ তীব্ৰ প্ৰতিযোগিতাত নামি পৰিছে। উল্লেখৰ প্ৰয়োজন যে এ পি এলৰ নতুন প্ৰকল্প আৰু পুৰনি প্ৰকল্প মিলিমুঠ ৬০০ টন মিঠানেল আৰু ৩২৫ টন ফাৰ্মেলিন উৎপাদন কৰে।

ইয়াৰ উপৰি বৈথামাৰিটো ২০০ টন ফৰ্মেলিন উৎপাদনৰ প্ৰকল্প স্থাপনৰ কাম চলি আছে। কিন্তু এই উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে বৰ্তমান বজাৰ অন্বেষণ কৰিছে এ পি এলে। কাৰণ উৎপাদনত ব্যৱহৃত কেঁচা সামগ্ৰীৰ বৰ্ধিত মূল্য, প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ বিপৰীতে উৎপাদিত সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত এ পি এলে চলিত বৰ্ষত বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

এই কথা আজি সংবাদ মেল যোগে সদৰী কৰে এ পি এল কতৃপক্ষই। আজি বিয়লি ৫ বজাত এ পিএলৰ সভা কক্ষত আয়োজন কৰা সংবাদ মেলত এই কথা সদৰি কৰে এ পি এল ৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই।এ পি এলৰ পৰিচালন সঞ্চালক ৰাজনিষ গগৈ, উপাধক্ষ হেমন্ত গগৈ, বিত্ত সঞ্চালক প্ৰমোদ কুমাৰ, বিপনন বিভাগৰ মুৰব্বী শান্তি ভূষণ পাও উপস্থিত থাকে এই সংবাদ মেলত।

সংবাদ মেলত অধ্যক্ষ বিকুল ডেকাই কয় যে, এ পি এলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে চৰকাৰৰ অনুমতি সাপেক্ষে অলপতে এ পি এলৰ এটা সজাতি দল বাংলাদেশত উপস্থিত হৈ প্ৰায় ১২ টা কোম্পানীৰ লগত যোগাযোগ কৰি এক ধনাত্মক সহাঁৰি লাভ কৰে। তেওঁ কয় যে, ভাৰতৰ বজাৰৰ তুলনাত বাংলাদেশত আছে এক বৃহৎবজাৰ। অৱশ্যে বিগত বৰ্ষৰ ১৪ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰি এ পি এলৰ পৰা প্ৰথমটো কনছাইনমেণ্ট বাংলা দেশলৈ পঠাইছিল।

বৰ্তমানলৈ প্ৰায় ১৩০০ মেট্ৰিকটন বাংলাদেশলৈ ৰপ্তানি কৰিছে। লক্ষণীয়ভাবে ভাৰতীয় বজাৰ তুলনাত বাংলাদেশত মিঠানলৰ মূল্য অধিক হোৱাৰ বাবে প্ৰতি টনত ৬০০০ টকা অধিক লাভ কৰিছে বুলি অধ্যক্ষ ডেকাই কয়। কিন্তু পৰিবহণৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তথাপিও প্ৰতিমাহে ৫০০০ মেট্ৰিকটন মিঠানল বাংলাদেশলৈ ৰপ্তানি কৰিবলৈ যোজা চলাইছে এ পি এলে।

তেওঁ কয় যে, গেছৰ মূল্য বৃদ্ধিয়ে দেশৰ গেছ ভিত্তিক উদ্যোগসমূহক তিষ্টি থকাত অসম্ভব কৰি তুলিছে আৰু লোকচানৰ দিশে গতি কৰাইছে। অসম পেট্ৰ' কেমিকেলচ্ লিমিটেডো ইয়াৰ ভুক্তভোগী বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় ভাৰত চৰকাৰ পূৰ্বৰ কাৰ্যকালত গেছৰ মূল্য প্ৰতি মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত ৩৭০ শতাংশ বৃদ্ধি কৰিছে। যাৰ ফলশ্ৰুতিত এ পি এলে বিগত বিত্তীয় বৰ্ষত লোকচানৰ মুখ দেখিবলগীয়া হৈছে। আনহাতে উৎপাদনত ব্যৱহৃত কেঁচা সামগ্ৰীৰ মূল্যও অধিক বৃদ্ধি পালে যদিও আন্তঃৰাষ্ট্ৰীয় বজাৰত মিঠানলৰ মূল্য হ্ৰাস পোৱাত এ পি এলে উৎপাদন ব্যয়ত কৈ কম মূল্যত মিঠানল বিক্ৰী কৰিব লগীয়া হৈছে। কিন্তু বাংলাদেশত থকা বৃহৎ বজাৰখন দখলৰ কৰিব পাৰিলে নিত্যান্তই এ পি এলে পুনৰ লাভৰ মুখ দেখিব বুলি আশাবাদী বুলি সংবাদ মেলত উল্লেখ কৰে।

ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা প্ৰচেষ্টাক শলাগ লয় অধ্যক্ষগৰাকীয়ে। ইয়াৰ উপৰি উৎপাদিত সামগ্ৰীৰ ওপৰত চৰকাৰক দিবলগীয়া ১৪.৫ শতাংশ ভেলুৱেটেড টেক্সৰ মাত্ৰাই উদ্যোগটোক আৰ্থিকভাৱে বিৰূপ প্ৰভাৱ পেলাইছে বুলি সংবাদ মেলত উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in