গ্ৰন্থমেলাৰ তৃতীয় দিন: দুলীয়াজানত ৰাইজৰ উৎসাহজনক সমাগম...

ইংৰাজী বা অন্য মাধ্যমক বেয়া পোৱাৰ কোনো কাৰণ নাই ৷ কিন্তু অন্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাটোক আঁতৰাই বা এলাগী কৰি ৰখাটো সমৰ্থনযোগ্য নহয়- ক্ষীৰোদ কুমাৰ গোস্বামী

author-image
Asomiya Pratidin
New Update
গ্ৰন্থমেলাৰ তৃতীয় দিন: দুলীয়াজানত ৰাইজৰ উৎসাহজনক সমাগম...

ডিজিটেল সংবাদ, দুলীয়াজানঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দুলীয়াজানত আয়োজন কৰা অসম গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ পৰিমাণে লেখক-প্ৰকাশকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ ইয়াৰ বিহুতলীত অনুষ্ঠিত এই গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও পুথিপ্ৰেমী সমাজ আৰু শিক্ষাৰ্থীৰ উৎসাহজনক সমাগম পৰিলক্ষিত হয় ৷

ইপিনে গ্ৰন্থমেলাৰ বাকৰিত আজি লেখক-পাঠক সমাৰোহ অনুষ্ঠিত হয় ৷ আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট প্ৰকাশক, লেখক ক্ষীৰোদ কুমাৰ গোস্বামীয়ে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে লেখক-পাঠকৰ সমাৰোহ অনুষ্ঠান অতি আদৰণীয় ৷ উভয় পক্ষই ইয়াত মুখামুখি হোৱাৰ সুযোগ পায় ৷ গতিকে লেখাৰ বিষয়, ভিন্ন ধাৰা আৰু গ্ৰহণযোগ্যতা আদিক লৈ সুন্দৰ আলোচনা হয় এনে অনুষ্ঠানত ৷

প্ৰসংগক্ৰমে তেওঁ কয় যে ইংৰাজী বা অন্য মাধ্যমক বেয়া পোৱাৰ কোনো কাৰণ নাই ৷ কিন্তু অন্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাটোক আঁতৰাই বা এলাগী কৰি ৰখাটো সমৰ্থনযোগ্য নহয় ৷ এই বিষয়ে সকলো পক্ষকে সজাগ-সচেতন কৰাত অসমীয়া ভাষাৰ লেখক-পাঠক সকলোৰে দায়িত্ব আছে ৷

অনুষ্ঠানটি সঞ্চালনা কৰি বিশিষ্ট লেখক, সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই কয়—“লেখক-পাঠকৰ সদায়ে সম্পৰ্ক থাকে ৷ এই সম্পৰ্ক চিন্তাৰ সম্পৰ্ক ৷ লেখকে পাঠকৰ চাহিদা জানিবলৈ আৰু সেইমৰ্মে লেখাৰ উত্তৰণ ঘটাবলৈ এনে সমাৰোহ অনুষ্ঠানৰ প্ৰয়োজন আছে ৷ এয়া আচলতে এক অভিনৱ পদক্ষেপ ৷ ইয়াৰ জৰিয়তে লেখকে পাঠকৰ মানসিক স্তৰৰ উমান পাব পাৰে ৷ তেতিয়াই লেখকে প্ৰয়োজনীয় পৰিৱৰ্তন বা সংযোজনেৰে সাহিত্যৰ মান উন্নত কৰিব পাৰে বা নতুন দিশ নিৰ্ণয় কৰিবলৈ সক্ষম হ’ব ৷”

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মিতালী মহন্ত, পল্লৱী গগৈ বৰগোহাঁই, লখিমী চুতীয়া গগৈ, মীৰা দত্ত, ৰীণা বিশ্বাস, ভূপেন শইকীয়া, মনোজ কুমাৰ দত্ত, অঞ্জনা দত্ত নেওগ, মৃণালী ভূঞা বৰদলৈ, ড° শেলী দত্ত, তৌফিয়া আহমেদ, ভৱানী পেগু, ড° বসন্ত খনিকৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷

অসম গ্ৰন্থমেলা, দুলীয়াজানত আজি তিনিখন গ্ৰন্থ উন্মোচিত হয় ৷ গ্ৰন্থ কেইখন হৈছে পল্লৱী বৰা বৰগোহাঁইৰ “কবি-অভিব্যক্তি”, লিলি হাজৰিকাৰ “জীৱন মন্দাকিনীৰ পাৰে পাৰে” আৰু প্ৰণৱী গগৈৰ “জলশংখ” ৷ গ্ৰন্থ কেইখন উন্মোচন কৰে প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী, বিশিষ্ট প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট লেখক ড° জ্যোতিপ্ৰসাদ শইকীয়াই ৷

assam book fair duliajaan