ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বগীবিলত বনবিভাগৰ বিশেষ আঁচনিৰ অধীনত চলিছে বনানীকৰণৰ প্ৰকল্প। ব্ৰহ্মপুত্ৰৰ পাৰৰ বগীবিল দলঙৰ সমীপত ডিব্ৰুগড় বনবিভাগে চলাই থকা বৃহৎ বনানীকৰণ প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা হৈছে ১৫৩ বিঘা ভূমি। ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলটোত ৰোপণ কৰা হ'ব প্ৰায় ৫০ হাজাৰৰো অধিক মূল্যৱান গছ-গছনি।
বগীবিলৰ এই বনানীকৰণৰ প্ৰকল্পৰ মাটিত ভোগ দখল কৰি থকা গীতা দেৱী নামৰ মহিলাগৰাকীৰ নামত চক্ৰ বিষয়াৰ কাৰ্যালয়ে ২০২২ চনতে ঘৰ খালী কৰি দিয়াৰ জাননী প্ৰেৰণ কৰিছিল। কিন্তু ঘৰ খালী কৰি দিয়াৰ পূৰ্বে পৰিয়ালটোৰ স্বৰ্ত আছিল তেওঁলোকক আন সুৰক্ষিত স্থানত সংস্থাপন কৰক। তাকে নকৰি বনবিভাগে আৰক্ষী-অৰ্ধ সামৰিক বাহিনী লগত লৈ মঙলবাৰে গীতা দেৱীৰ ঘৰত উচ্ছেদ চলাই।
ভুক্তভোগী গীতা দেৱীৰ মন্তব্য- 'আমি এতিয়া ক'লৈ যাম। কি কৰিম ভাবি পোৱা নাই। প্ৰশাসনৰ জাননী পোৱাৰ পিছতে চক্ৰ বিষয়া, উপায়ুক্ত, বিধায়কৰ কাষ চাপিছিলো। আমি বিচাৰিছিলোঁ ঘৰটো আধা হ'লেও বচাই দিয়ক। কিন্তু কাৰোৰে পৰা সঁহাৰি নাপালোঁ। টকাৰ বিনিময়ত গাঁওবুঢ়াই কাগজ-পত্ৰ বনাই দিয়াটো দূৰৰে কথা, মাটিৰ দাগ নম্বৰটোহে আমাক দিছিল। এতিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ'লে আমাৰ মাটিৰ নামত কোনো দাগ নম্বৰ নাই বুলি উভতাই দিয়ে।
আমি ইয়াত ১২ বছৰ ধৰি আছোঁ। চৰকাৰে কৈছে ১২ বছৰ ভোগ দখল কৰাসকলক মাটিৰ পট্টা দিব। কিন্তু মাটিৰ পট্টা দিয়াটো বাদেই আমাক উচ্ছেদ কৰা হ'ল। মোৰ এতিয়া অনুভৱ হৈছে এই অঞ্চলটোত ইমানবোৰ মানুহৰ ঘৰ থকাৰ পিছতো মোৰ নামতে কিয় জাননী দিলে? ময়ে অবৈধভাৱে ইয়াত আছোঁ নেকি? নে গাঁওবুঢ়াক কম টকা দিয়াৰ বাবে আমাক উচ্ছেদ কৰা হৈছে।'
ইয়াৰ পাছতে সকলোৰে মাজত প্ৰশ্নৰ উদয় হৈছে যে, গাওঁবুঢ়াই কেনেকৈ ১০ৰ পৰা ২০,০০০ টকা লৈ এইসকল লোকক মাটিৰ দাগ নম্বৰ দিছিল। যদি সঁচাকৈ দাগ নম্বৰ দিছিল তেন্তে কিয় লাভ নকৰিলে উচ্ছেদিত সামগ্ৰীৰ মূল্য। ইয়াকে লৈ ক্ষোভৰ উদগীৰণ ঘটা পৰিলক্ষিত হৈছে উচ্ছেদিত পৰিয়ালৰ মাজত।
Also Read: পৰিৱেশ সচেতনতাৰে আমাৰ নাটঘৰৰ প্ৰথম প্ৰযোজনা “সেউজী ধৰণী”