বিভিএফচিএলত ভূমিকম্পৰ প্ৰস্তুতি, ডি-ব্ৰিফিঙৰ ওপৰত বিশেষ অনুশীলন

বিভিএফচিএলত ভূমিকম্পৰ প্ৰস্তুতি, ডি-ব্ৰিফিঙৰ ওপৰত বিশেষ অনুশীলন
Published on
Updated on

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পোৰেচন লিমিটেডত চিবিআৰএন (ৰাসায়নিক, জৈৱিক, ৰেডিঅ'লজিকেল, আৰু নিউক্লিয়াৰ) প্ৰস্তুতি আৰু ভূমিকম্পৰ সঁহাৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোমবাৰে এমোনিয়া-II কাৰিকৰী ভৱন আৰু হৰ্টন গোলক (এ-II)ৰ ওচৰৰ আশে-পাশে থকা অঞ্চলত এক  সফল যৌথ মক ড্ৰিল অনুশীলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতীকি স্বৰূপে দুৰ্যোগৰ সময়ত বা তেনে পৰিস্থিতিত ৰিখটাৰ স্কেলত ৮.৫ পঞ্জীয়ন কৰা ভূমিকম্পৰ দুৰ্যোগৰ বাবে এমোনিয়া-II কাৰিকৰী ভৱনটোৰ আংশিক ভাঙি যোৱাৰ লগতে হৰ্টন গোলক (A-II)ৰ ওচৰত এমোনিয়া গেছ নিৰ্গত হ'লে ল'ব লগীয়া ব্যৱস্থাপনা সন্দৰ্ভত অনুশীলন কৰা হয়।

এই নিখুঁতভাৱে সমন্বিত মক ড্ৰিলটো আছিল বিভিএফচিএলৰ অগ্নিনিৰ্বাপক আৰু সুৰক্ষা বিভাগ, এনডিআৰএফ (ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী), চিআইএছএফ বিভিএফচিএল ইউনিট, স্থানীয় নাগৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষ, স্থানীয় আৰক্ষী থানা, আৰু বিভিএফচিএল চিকিৎসা দলৰ সৈতে জড়িত এক সহযোগিতামূলক প্ৰচেষ্টা। মক ড্ৰিলৰ পিছত এন ডি আৰ এফৰ দ্বাৰা এক তথ্যসমৃদ্ধ  বিশ্লেষণ আগবঢ়োৱা হয়।

অধিৱেশনৰ সময়ত মূল অন্তৰ্দৃষ্টি আৰু মূল্যৱান পৰামৰ্শ আগবঢ়াই,  চিআইএছএফৰ ডেপুটি কমাণ্ডেণ্ট আতিশ কুমাৰে লগতে বিভিএফচিএলৰ জেনেৰেল মেনেজাৰ (মাৰ্কেটিং) সত্যজিৎ মিশ্ৰই অনুশীলনৰ সামগ্ৰিক ফলপ্ৰসূতা সন্দৰ্ভত বক্তব্য ৰাখে। বিভিএফচিএল পৰিচালনা সমিতিয়ে এনডিআৰএফ, অসামৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষ, চিআইএছএফ বিভিএফচিএল ইউনিট আৰু সমগ্ৰ বিভিএফচিএল দলটোক তেওঁলোকৰ সক্ৰিয় আৰু নিষ্ঠাবান অংশগ্ৰহণৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

বিভিএফচিএলত ভূমিকম্পৰ প্ৰস্তুতি, ডি-ব্ৰিফিঙৰ ওপৰত বিশেষ অনুশীলন
নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক জেললৈ প্ৰেৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in