ডিজিটেল সংবাদ নামৰূপঃ লোকসভাৰ সদনত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাই কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভগৱন্ত খুবাই বিগত বৰ্ষৰ ১২ আগষ্টত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত অনুষ্ঠিত গ্রুপ অব্ অফিচাৰ্ছৰ এখন গুৰুত্বপূৰ্ণ বৈঠকে ব্ৰহ্মপুত্ৰ ভেলি ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড বন্ধ কৰাৰ বাবে পৰামর্শ দিছে বুলি অৱগত কৰাৰ পিছত নামৰূপৰ লগতে সমগ্ৰ উজনি অসমৰ ৰাইজ ক্ষোভত ফাটি পৰিছে।
উজনিৰ বিভিন্ন স্থানত ধৰ্ণা প্ৰতিবাদত উত্তাল হৈ পৰিছে । এনে সময়তে আজি নাহৰকটিয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানা বন্ধৰ ঘোষণা কৰা নাই। ই ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত চমুকৈ নীতি আয়োগৰ এক পৰামৰ্শ হে।
১ জানুৱাৰী ২০১৫ ত স্থাপন হোৱা নীতি আয়োগে ভাৰতবৰ্ষৰ আৰ্থিক যোজনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে চিন্তা-চৰ্চা কৰি আয়োগে বিভিন্ন পৰামৰ্শ আগবঢ়াই। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নতুন নীতি অনুসৰি আত্মনিৰ্ভৰ ভাৰতত সাৰ খণ্ডটোক এটা গুৰুত্বপূৰ্ণ খণ্ড হিচাপে গণ্য কৰা হৈছে।
আনহাতে, গুৰুত্বহীন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ প্রয়োজন সাপক্ষে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া অথবা বন্ধ কৰি দিয়াৰ পোষকতা কৰা হৈছে। এনে পৰিস্থিতিত দেশৰ ৭ টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত লোকচানমুখী নামৰূপ সাৰ কাৰখানাও ব্যক্তিগত কৰণ অথবা শীঘ্ৰে বন্ধ কৰাৰ পৰামৰ্শ দিছিল।
আজি বিধায়কগৰাকীয়ে কয় যে নীতি আয়োগৰ পৰামৰ্শৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অদ্যাপী কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিততে নামৰূপ সাৰ কাৰখানা মেৰেমতিৰ বাবে এশ কোটি টকা অবন্টন দিছিল।
ইফালে চতুৰ্থ গোট স্থাপন সন্দৰ্ভত অসম চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে বুলি অৱগত কৰি বিধায়কগৰাকীয়ে কয় যে, অসম চৰকাৰে বি ভি এফ চি এলৰ প্ৰস্তাৱিত নতুন গোটটোত ২৬ শতাংশ অংশীদাৰিত্ব ল'বলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে প্ৰেক্ষাপটত নামৰূপ সাৰ কাৰখানা কোনো কাৰণতে বন্ধ নহয় বুলি সংবাদ মাধ্যমত স্পষ্টকৈ কয়।
আনহাতে আজি নামৰূপ ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়ন ফাৰটিলাইজাৰ ৱৰকাৰ্ছ ইউনিয়ন, ফাৰটিলাইজাৰ ইণ্ডিপেণ্ডেণ্ট ইউনিয়নে মিলিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰামেশ্বৰ তেলীক লগ ধৰে। তেওঁলোকে নামৰূপ সাৰ কাৰখানাৰ সংকটৰ বিষয়ে অৱগত কৰে।
দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে শীঘ্ৰে কেন্দ্ৰীয় সাৰ মন্ত্ৰী ড০ মনসুখ মন্দব্যক সাক্ষাৎ কৰাৰ আশ্বাস দিয়াৰ লগতে উদ্যোগটোৰ তিনিওখন ইউনিয়নৰ প্ৰতিনিধিয়ে দিল্লীত গৈ কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি স্পষ্টকৈ আলোচনা কৰাৰ বাবেও যোগাযোগ কৰাই দিবা বুলি ইউনিয়নৰ বিষয়ববীয়াক অৱগত কৰে। এই সন্দৰ্ভত তিনিওখন ইউনিয়নৰ বিষয়ববীয়াই বিধায়ক তৰংগ গগৈকো সাক্ষাৎ কৰে।
Also Read: ৩ টা জীয়া কাহিনী আৰু ৰণভূমিত ন্যায়লৈ অপেক্ষাৰত ধৰ্ষিতা ছোৱালীজনী...