স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টেঙাখাতত চুতীয়া ছাত্ৰ সন্থাৰ পথ অৱৰোধ...

একাধিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা, জংগী আন্দোলনৰো হুংকাৰ
স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টেঙাখাতত  চুতীয়া ছাত্ৰ সন্থাৰ পথ অৱৰোধ...
স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টেঙাখাতত চুতীয়া ছাত্ৰ সন্থাৰ পথ অৱৰোধ...
Published on
Updated on

ডিজিটেল সংবাদ টেঙাখাত: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্রদানৰ দাবীত আজি টেঙাখাতত পথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে। আজি সন্ধিয়া প্ৰায় ৫-২০ বজাত প্ৰতিবাদী বেনাৰ প্লে'কাৰ্ড লৈ লোকনিৰ্মাণ বিভাগৰ অধীনৰ এল বি টি পথত ডিব্ৰুগড় জিলা আৰু টেঙাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়া, সদস্য, সদস্যা তথা স্থানীয় ৰাইজে অৱস্থান কৰি চুতীয়া জনগোষ্ঠীক জনাজাতিকৰণ লাগিবই, চুতীয়া জনগোষ্ঠীক স্বায়ত্বশাসন প্রদান কৰক, আমাৰ দাবী মানিবই লাগিব, নৰেন্দ্ৰ মোডী হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বন্ধ কৰক, ন' এছ টি ন' ৰেষ্ট আদি বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

এই পথ অৱৰোধ কার্যসূচীত অংশগ্রহণ কৰি সাংবাদিকৰ আগত ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়াই অতি ক্ষোভেৰে কয় যে, চুতীয়া জনগোষ্ঠীক জনাজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে গ্ৰহণ কৰা এলানী প্রতিবাদী কাৰ্যসূচীৰ আজি চতুৰ্থটো কাৰ্যসূচী হিচাপে পথ অৱৰোধ কৰা হৈছে। ইয়াৰ পাছত অহা ২০ ছেপ্টম্বৰত অৱস্থান ধৰ্মঘট, ৩০ ছেপ্টেম্বৰত ধৰ্ণা, ১৪ অক্টোবৰত প্ৰতিকৃতি দাহ আৰু ১৮ নৱেম্বৰত গণ সমাবেশ ৰূপায়ণ কৰা হ'ব।

ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰে তেন্তে আগন্তক দিনত জিলা বন্ধ, অর্থনৈতিক অৱৰোধ দৰে জংগী আন্দোলন কার্যসূচী গ্ৰহণ কৰা হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতাগৰাকীয়ে। জিলা সভাপতি জিতু শইকীয়া, উপ-সভাপতি ত্রিদিপ চুতীয়া ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৰাগ খনিকৰকে ধৰি কেইবাজনো বিষয়ববীয়াই নেতৃত্ব প্রদান কৰা উক্ত কাৰ্যসূচীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়া কুৰভূষন পেগু, টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চন্দ্ৰ সাহা উপস্থিত হোৱাত টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি, উপ-সভাপতি, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰদান কৰি আজিৰ প্ৰতিবাদী কাৰ্যসূচী সামৰণি ঘোষণা কৰে ।

স্বায়ত্ব শাসন প্ৰদানৰ দাবীত টেঙাখাতত  চুতীয়া ছাত্ৰ সন্থাৰ পথ অৱৰোধ...
Morigaon College: অধ্যক্ষক কোঠাত আৱদ্ধ কৰি তলা লগালে ছাত্ৰ একতা সভাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in