দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উষ্ম আদৰণি

author-image
Asomiya Pratidin
New Update
দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান বিন্দৰত শ্বাহক বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোট, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতি, অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু লাহোৱাল প্ৰেছ ক্লাবৱৰ প্ৰতিনিধিয়ে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উষ্ণ আদৰণি জনায় ড০ দয়ানন্দ শ্বাহক৷

উল্লেখ্য যে, ১৬ জুলাইত দিল্লী এন চি আৰৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল৷ দয়ানন্দ শ্বাহে কৰি অহা সমাজসেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়৷

ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱাৰ বাবে ‘সমাজসেৱা’ শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভক-ভাৰ্চিটিয়ে৷ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বাসিন্দা দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজৰ বাবে কাম কৰি গৈছে৷

শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে৷

চাহ জনগোষ্ঠীৰ হকে কাম কৰা সংগঠনক পৰামৰ্শ দি জনগোষ্ঠীটোৰ বিকাশত সহায় কৰিছে৷ এছ.কে. এছ ইংলিছ একাডেমি নামৰ শিক্ষানুষ্ঠানখন স্থাপন কৰি নিজেই অধ্যক্ষৰ দায়িত্ব লৈ গুণগত শিক্ষা প্ৰদানৰ হকে কাম কৰি গৈছে৷

Also Read: নামবৰ লালুংগাঁওবাসীয়ে চিৰ বিদায় জনালে গাঁও প্ৰধান চিৰন্তন বৰদলৈক...

সন্মানীয় ডক্টৰেট ডিগ্ৰী