ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে নামৰূপ বিভিএফচিএল সহ এইএফচি,এফচিআই ৰ অন্তৰ্ভুক্ত ৮ টা ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ৬ ছেপ্টেম্বৰত ডিব্ৰুগড় জিলা চি আই টি ইউ ৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহঁণ কৰা হয়।

২০০৬ চনতে ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত ৪ৰ্থ গোট স্থাপন কৰা আৰু ২য় গোট কাৰ্য্যক্ষম কৰি এশ শতাংশ উৎপাদনশীল কৰি তোলা আৰু বৰ্তমান চলি থকা ৩য় গোট টো উন্নত কৰি পূৰ্ণ উৎপাদনশীল কৰি তোলাৰ দাবীত পুৱা ৮বজাৰ পৰা ৯ বজালৈ বিভিএফচিএল প্ৰৱেশ দ্বাৰৰ সমুখত বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

সভাৰ সভাপতিত্ব কৰে চিআইটিইউ ডিব্ৰুগড় জিলা উপ-সভাপতি সুৰেশ চন্দ্ৰ ডেকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিআইটিইউ ডিব্ৰুগড় জিলা সম্পাদক ভূপেন গগৈয়ে। বিভিএফচিএল সহ ৮ টাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰা এই হঠকাৰী শ্ৰমিক কৰ্মচাৰী বিৰোধী সিদ্ধান্ত, জন বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বক্তব্য ৰাখে চিআইটিইউ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই। লগতে ইয়াৰ ফলত হ'ব পৰা ভয়াবহ পৰিণতি সম্পৰ্কত তেওঁ মন্তব্য প্ৰদান কৰে।

বিভিএফচিএল উদ্যোগ সুৰক্ষিত ৰখাৰ স্বাৰ্থত আৰু শ্ৰমিক কৰ্মচাৰী সকলৰ চাকৰি সুৰক্ষিত ৰখাৰ স্বাৰ্থত ভাৰত চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনায়। চৰকাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনোৱাৰ লগতে ২০০৬ চনতে ঘোষণা কৰা আৰু বিজেপি চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা অনুসৰি বিভিএফচিএল ৰ ৪ৰ্থ গোট শীঘ্ৰেই স্থাপন কৰাৰ দাবী জনাই। এই দাবীৰ পৰিপ্ৰেক্ষিতত শ্ৰমিক কৰ্মচাৰী সহ সৰ্বস্তৰৰ ৰাইজে তীব্ৰ আন্দোলন কৰাৰ জৰীয়তে ভাৰত চৰকাৰৰ সিদ্ধান্ত সলনি কৰাৰ বাবে বাধ্য কৰিবলৈ ৰাইজক আহ্বান জনায়।

এই প্ৰতিবাদী সভাত সংহতিমূলক হিচাবে বক্তব্য ৰাখে শ্ৰমিক কৃষকৰ ৰাজনৈতিক শক্তি চি পি আই ( এম ) দল অসম ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে। তেওঁ এই ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ এই বিভিএফচিএল উদ্যোগটো সুৰক্ষিত ৰখা আৰু ইয়াক সম্প্ৰসাৰিত কৰি সাৰৰ চাহিদা পুৰণ কৰাৰ উপৰি অসমৰ বৰ্ধিত নিবনুৱা সমস্যা সমাধানৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় ।

বিগত সময়চোৱাত পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শাসন কালত নামৰূপবাসীক আৰু এই উদ্যোগৰ শ্ৰমিক কৰ্মচাৰী সকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেওঁলোকৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা আৰু ৪ৰ্থ গোট স্থাপনৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ দাবী জনায়। সভাত ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্চ ইউনিয়নৰ সভাপতি বৈকুণ্ঠ ঠাকুৰীয়াই বৰ্তমান উদ্যোগটোৰ পৰিস্থিতিৰ ওপৰত আৰু ভাৰত চৰকাৰৰ বিভিএফচিএল বিৰোধী সিদ্ধান্ত বাতিল কৰি শ্ৰমিক ইউনিয়ন সমগ্ৰ নামৰূপবাসী ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৪ৰ্থ গোটৰ উদ্যোগটো গঢ়ি তোলাৰ আহ্বান জনায়।

এই প্ৰতিবাদী সভাত বক্তব্য ৰাখে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন DYFI ৰ নেতা নিৰঙ্কুশ নাথে। তেওঁ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে উদ্যোগটো বচাই ৰখাৰ দাবীত সমগ্ৰ নামৰূপবাসী যুৱকক ওলাই আহিবলৈ আহ্বান জনায়। সভাৰ সভাপতি সুৰেশ চন্দ্ৰ ডেকাই বিভিএফচিএল ক ২০০০ চনৰ পৰা প্ৰথম গোটটো বন্ধ কৰাৰ জৰীয়তে অত্যন্ত লাভত পৰিচালিত উদ্যোগটোৰ ওপৰত ভাৰত চৰকাৰে কৌশলপূৰ্ণ আক্ৰমণ সংঘটিত কৰি আহিছে আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে বিভিএফচিএল সহ দেশৰ ৮ টা কৈ ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা বন্ধ কৰাৰ যি সিদ্ধান্ত ঘোষণা কৰিছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।

শীঘ্ৰেই চৰকাৰৰ সিদ্ধান্ত বাতিল কৰি নামৰূপবাসী ৰাইজৰ দাবী আৰু বিভিএফচিএল ৰ শ্ৰমিক কৰ্মচাৰী সকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰলৈ বিভিএফচিএলৰ ৪ৰ্থ গোট শীঘ্ৰেই স্থাপন কৰাৰ আহ্বান জনায়।তেখেতে লগতে এই উদ্যোগত কৰ্মৰত ঠিকা শ্ৰমিক সকলৰ দূৰাৱস্থা আৰু তেওঁলোকৰ আইন অনুসৰি নূন্যতম মজুৰি বিগত দহ বছৰে সংশোধন নকৰি শ্ৰমিক সকলৰ ওপৰত তীব্ৰ শোষণ চলোৱাৰ অভিযোগ উত্থাপন কৰে।

চৰকাৰে এই উদ্যোগৰ বেগিং প্লান্টৰ শ্ৰমিক সকলৰ মজুৰি সংশোধনৰ বাবে গঠিত এডভাইচেৰী কমিটিৰ সভা বাৰে বাৰে পিছুৱাই থকা কাৰ্য্যক তীব্ৰ সমালোচনা কৰে আৰু শীঘ্ৰেই শ্ৰমিক সকলৰ মজুৰি সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে ভাৰত চৰকাৰৰ জনবিৰোধী শ্ৰমিক কৰ্মচাৰী বিৰোধী আৰু ৰাজহুৱা খণ্ড বিৰোধী হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবীত আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে মানুহৰ মাজত চলাই থকা বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজক ওলাই অহাৰ আহ্বান জনায়।

Also Read: পুনৰ বিফল! মেঘালয়তো চুমি-তাৰ্কিকৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে...

dibrugarh CITU