বৰবৰুৱাৰ জকাইত ফুটবলৰ মহাৰণ

জকাই কলিয়নী ৰূপজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত হয় ফুটবল প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
বৰবৰুৱাৰ জকাইত ফুটবলৰ মহাৰণ

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ ১৯৮৮চনৰ ৮ ছেপ্টেম্বৰৰ দিনটোতেই ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন জকাই হাইস্কুললৈ শিক্ষাগ্ৰহণৰ বাবে আহোতে জকাই ঘঘৰাজানত নাও দুৰ্ঘটনাত পতিত হৈ সলিল সমাধি ঘটা এঘাৰ (১১)গৰাকী ছাত্ৰ-ছাত্ৰীৰ সোঁৱৰণত জকাই কলিয়নী ৰূপজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত হয় ফুটবল প্ৰতিযোগিতা। জকাই শাখা ছাত্ৰ সন্থাৰ উদ্যোগত, জকাই ৰূপজ্যোতি সংঘৰ সহযোগত যোৱা ২১আগষ্টৰ পৰা ৭ছেপ্টেম্বৰলৈ মুঠ ২০টা ফুটবল দলে যোগদান কৰা স্মৃতি দিৱস প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষী একাদশ ফুটবল দল বনাম জকাই চেঁচা চাহবাগিচা যুৱমঞ্চৰ একাদশ ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

চূড়ান্ত খেলখনত ডিব্ৰুগড় আৰক্ষী একাদশে জকাই চেঁচা চাহবাগিচা যুৱমঞ্চৰ একাদশ ফুটবল দলটোক ৩-১গলত পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰে আৰু জকাই চেঁচা চাহবাগিচা যুৱমঞ্চৰ একাদশ ফুটবল দলটোৱে ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰে। উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষী একাদশ ৭নং জাৰ্ছি পৰিহিত বিপ্লৱ নায়কে প্ৰথমাৰ্ধৰ ৩মিনিট ১টা গ'ল দিয়াৰ উপৰিও দ্বিতীয়াৰ্ধৰ ২৪ আৰু ২৮মিনিটত একোটাকৈ গল দিয়ে। জকাই ৰূপজ্যোতি সংঘৰ খেলপথাৰৰ প্ৰাঙ্গনত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় আৰক্ষী একাদশ ফুটবল দলটোক নগদ ১০হাজাৰ টকাসহ ট্ৰফি, ৰাণাৰ্চ আপ অৰ্জন কৰা জকাই চেঁচা চাহবাগিচা যুৱমঞ্চৰ ফুটবল একাদশ দলটোক ১৯৮৮চনৰ ৮ছেপ্টেম্বৰত জকাই ঘঘৰাজানত সলিল সমাধি ঘটা স্বৰ্গীয় মীৰা কৰণ আৰু তাৰা কৰণ সোঁৱৰণত পৰিয়াল বৰ্গ ই উৎসৰ্গিত কৰা ট্ৰফি সহ নগদ ৬হাজাৰ টকা প্ৰদান কৰা হয়।

আনহাতে উক্ত চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰা ডিব্ৰুগড় আৰক্ষী একাদশ দলৰ ১৩নম্বৰ জাৰ্ছি পৰিহিত খেলুৱৈ কুলজ্যোতি গগৈক নৰোত্তম চৱৰে ট্ৰফি দাতা হিচাপে দান কৰাৰ উপৰি শ্ৰেষ্ঠ গলকিপাৰ অৰ্জন কৰা ডিব্ৰুগড় আৰক্ষী একাদশৰ নিতু সোনোৱালক সঞ্জীৱ টেটে সেই ১১গৰাকী ছাত্ৰ-ছাত্ৰীৰ সোঁৱৰণত ট্ৰফি দাতা হিচাপে আগবঢ়ায়। বঁটা বিতৰণী সভাত লেকাই কে চি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমীৰণ কুমাৰ দাসে ১১গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ৩৫বছৰৰ পিছতো জকাই ঘঘৰাজানৰ পকী দলংৰ কাষত মাৰ্বল পাথৰৰ স্মৃতিসৌধ স্থাপন নকৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি বিগত অগপ চৰকাৰৰ পৰা বৰ্তমানৰ বি জেপি শাসনকাল পৰ্যন্ত একো পদক্ষেপ গ্ৰহণ নকৰাৰ আক্ষেপ ব্যক্ত কৰে।

সভাত জকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কোষেশ্বৰ ভৰালী, জকাই চামগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক সুখীধৰ গগৈ, আটচা নেতা বসন্ত কুৰ্মি, সমাজকৰ্মী ৰমেন বৰুৱা, জকাই ৰূপজ্যোতি সংঘৰ হৈ ভদ্ৰসেন সোণোৱাল, টংকেশ্বৰ সোণোৱাল ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে শিক্ষাব্ৰতী নৰোত্তম চৱৰ, গাওঁ প্ৰধান শোভকান্ত সোনোৱাল উপস্থিত থাকে। জকাই শাখা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ কুৰ্মিয়ে আঁত ধৰা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানটোত সম্পাদক দিবাকৰ দাস, উপদেষ্টা প্ৰিয় প্ৰতিম সোনোৱাল, বিশ্ব ছাহু প্ৰমুখ্যে কৰ্মকৰ্তাসকলে সেৱা আগবঢ়ায়।

Also Read: কামপুৰৰ পদপথত গীতে মাতে স্মৰণ সুধাকণ্ঠক

football tournament