ডিজিটেল সংবাদ,ডিব্ৰুগড় : ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ ।
হত্যাকাৰী পুত্ৰৰ নাম শংকৰজ্যোতি গগৈ। নিজ গৃহতেই নিশা প্ৰায় ১০-০০ বজাত মাতৃক ডিঙি চেপি হত্যা কৰে কুলাংগাৰ পুত্ৰই। দুৰ্ভগীয়া মাতৃগৰাকীৰ নাম পূৰ্ণিমা গগৈ বুলি স্থানীয় লোকে জানিবলৈ দিছে।
ইতিমধ্যে অভিযুক্ত শংকৰজ্যোতি গগৈক আটক কৰিছে ডিব্ৰুগড়ৰ বৰবাৰী থানাৰ আৰক্ষীয়ে।
Also Read: অৱশেষত গঠন হ'ল আপৰ ৰাজ্যিক কমিটী