ডিব্ৰুগড়ৰ লাহোৱালৰ পাছত চেঁচাত আন এক হত্যাকাণ্ডঃ ভাতৃৰ হাতত প্ৰাণ গ'ল ভগ্নীৰ

লাহোৱালত পিতৃ, মাতৃসহ তিনি সদস্যই মিলি হত্যা কৰিলে পুত্ৰক
ডিব্ৰুগড়ৰ লাহোৱালৰ পাছত চেঁচাত আন এক হত্যাকাণ্ডঃ ভাতৃৰ হাতত প্ৰাণ গ'ল ভগ্নীৰ
ডিব্ৰুগড়ৰ লাহোৱালৰ পাছত চেঁচাত আন এক হত্যাকাণ্ডঃ ভাতৃৰ হাতত প্ৰাণ গ'ল ভগ্নীৰ
Published on
Updated on

ডিজিটেল সংবাদ বৰবৰুৱাঃ ডিব্ৰুগড়ৰ লাহোৱালত আজি সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ পাছতেই আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে জিলাখনৰ চেঁচাত।

চেঁচাত সংঘটিত হোৱা এই নৃশংস কাণ্ডত নিজ ভাতৃৰ হাততে প্ৰাণ গ'ল ভগ্নীৰ। জানিব পৰা মচে নিহত মহিলাগৰাকীৰ নাম পাৰ্বতী গোৱালা (৩৫)। মানসিক ৰোগীত আক্ৰান্ত আছিল পাৰ্বতী গোৱালা।

পাৰ্বতীক ভায়েক শংকৰ কৰ্মকাৰে চোকা অস্ত্ৰৰে আঘাত কৰাৰ ফলতে তেওঁৰ মৃত্যু হয়। ইতিমধ্যে শংকৰক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য, ইয়াৰ পূৰ্বে লাহোৱালৰ বকুল কাঠ গাঁৱত আজি সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডত হীৰকজ্যোতি দত্ত নামৰ ২২ বছৰীয়া যুৱকজনৰ মৃত্যু হৈছিল। হীৰকক হত্যা কৰিলে তেওঁৰেই পিতৃ, মাতৃ আৰু ভাতৃয়ে।

অভিযোগ অনুসৰি ব্লু ডাৰ্টত কৰ্মৰত হীৰকে দীৰ্ঘদিন ধৰি পিতৃ-মাতৃক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। এনে নিৰ্যাতনৰ মাজতেশুকুৰবাৰে নিশা শুই থকা অৱস্থাতে পৰিকল্পিতভাৱে পৰিয়ালৰ তিনিও সদস্যই মিলি হীৰকক হত্যা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে হীৰকৰ হত্যাকাৰী পিতৃ মনোজ দত্ত, মাতৃ পল্লৱী দত্ত আৰু ভাতৃ আৰু সুমন দত্তক গ্ৰেপ্তাৰ কৰিছে।

ডিব্ৰুগড়ৰ লাহোৱালৰ পাছত চেঁচাত আন এক হত্যাকাণ্ডঃ ভাতৃৰ হাতত প্ৰাণ গ'ল ভগ্নীৰ
কিয় নালন্দাৰ পৰা আঁতৰি গৈছিল বিজ্ঞান, অৰ্থনীতিৰ দুই 'Genius' ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in